ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ দূৰ্গাোৎসৱৰ পূৰ্বে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলক ২০ শতাংশ বানচ দিবৰ বাবে দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। যোৱা ২৭ আগষ্ট তাৰিখে বোকাখাতত অনুষ্ঠিত এক বিশেষ সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ সভাপতি ৰাজেন কুমাৰ আৰু সম্পাদক পৱন বেদিয়াই কয় যে মালিক পক্ষৰ সংগঠন চি চি বি এ ঘোষণা কৰা ৮.৩৩ শতাংশ বানচ কোনোপধ্যেই মানি লোৱা নহ’ব। চাহ শ্ৰমিকৰ বানচক লৈ কৰা হেতালি সহ্য কৰা নহ’ব আৰু শ্ৰমিকক ২০ শতাংশ বানচ আদায় দিবৰ বাবে দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত অসম চৰকাৰক বিষয়টোত হস্তক্ষেপৰ দাবী জনায়।
সম্পাদক পৱন বেদিয়াৰ মতে চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি পূৰণত অসম চৰকাৰ ব্যৰ্থ হৈছে। ইয়াৰ বিপৰীতে মাত্ৰ ৩০ টকাৰ এক ইণ্টেৰিয়াম দি অসম চৰকাৰে চাহ শ্ৰমিকক প্ৰৱঞ্চনাহে কৰিছে আৰু এতিয়া ২০ শতাংশ বানচৰ ক্ষেত্ৰতো যদি অসম চৰকাৰ নিমাতে থাকে তেন্তে আটছাই কেতিয়াও সহ্য নকৰে।
চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ দিবই লাগিব। তাৰ বাবে এতিয়াৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে ৰাজ্যৰ প্ৰতিখন বাগিচাতে ২০ শতাংশ বানচৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰা হ’ব। লগতে বাগিচাৰ মালিক পক্ষৰ কাৰ্যালয় আৰু চাহ বাগিচাৰ মুখ্য কাৰ্যালয়তো এই ধৰ্ণা কাৰ্যসূচী পালন কৰা হ’ব বুলিও তেওঁ কয়। ইফালে বানচৰ প্ৰাকক্ষণত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰীয়ে অসমৰ চাহ উদ্যোগৰ অৱস্থা বেয়া বুলি কৰা মন্তব্যতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেতাদ্বয়ে কয় যে চাহ উদ্যোগৰ অৱস্থা যদি বেয়াই তেন্তে ইমান দিনে অসম চৰকাৰ ক’ত আছিল।
এই অজুহাতেৰে চাহ শ্ৰমিকক ৮.৩৩ শতাংশ বানচ দি ঠগিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে। বানচৰ দাবীত চাহ বাগিচাৰ পৰিস্থিতি উত্তপ্ত হ’ব আৰু ইয়াৰ বাবে মালিক পক্ষ আৰু অসম চৰকাৰেই জগৰীয়া হ’ব বুলি আটছাৰ নেতাদ্বয়ে প্ৰেছ মেলত ঘোষণা কৰে। আনহাতে দীৰ্ঘদিন অসমত শাসন চলোৱা কংগ্ৰেছ চৰকাৰে যেনেদৰে অসমৰ চাহ শ্ৰমিকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল, বৰ্তমানৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনেও পৰিৱৰ্তনৰ নামত বাগিচা অঞ্চলসমূহত কিছুমান আঁচনিৰ নামত মাত্ৰ ঘোষণা কৰি পূৰ্বৰ কংগ্ৰেছৰ দৰেই বিজেপি চৰকাৰখনেও চাহ শ্ৰমিকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ কৰিছে৷
বোকাখাতৰ গড়কাপ্টানী বিভাগৰ আৱৰ্ত ভৱনত আয়োজিত এই প্ৰেছ মেলত কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে সংগঠনটোৰ বোকাখাত গোটৰ বিষয়ববীয়াও উপস্থিত থাকে। সংবাদ মেলতে চাহ জনগোষ্ঠীৰ জাতীয় পৰৱ কৰম পূজা কেন্দ্ৰীয় ভাৱে বিশ্বনাথৰ বিহালীত অহা ছেপ্টেম্বৰ মাহৰ ২০ আৰু ২১ তাৰিখে অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে ৷ আটছাৰ প্ৰতিষ্ঠাপক সভাপতি ছাইমন সিং হ’ৰ আৰু সম্পাদক সন্তোষ কুৰ্মী তপ্পৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি সম্পাদক পৱণ বেদীয়াই সাংবাদিকক জানিবলৈ দিয়ে৷ এই ফুটবল প্ৰতিযোগিতা অহা ছেপ্টেম্বৰ মাহৰ ভিতৰতেই অনুষ্ঠিত হ’ব বুলিও সদৰি কৰে ৷