ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কেন্দ্রীয় চৰকাৰে দেশৰ বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ বাবে হাতত লোৱা পদক্ষেপৰ বিৰুদ্ধে আজি সমগ্র দেশজুৰি বিদ্যুৎ বিভাগৰ কর্মীসকলে আহান জনোৱা সাধাৰণ ধর্মঘট কার্যসূচীলৈ কাৰি আংলং জিলাৰ বিদ্যুৎ বিভাগৰ কর্মচাৰীসকলে পূর্ণ সঁহাৰি জনোৱা পৰিলক্ষিত হয়। আজি ডিফু আৰু হাওৰাঘাটত বিভাগটোৰ বিষয়া-কর্মচাৰীসকলে হাতে হাতে ‘বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰক, বিদ্যুৎখণ্ডক পুজিপতিৰ হাতত গতাই দিয়া নচলিব’ আদি শ্লোগান সম্বলিত প্লে-কার্ড হাতে হাতে লৈ শক্তিখণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্ৰ প্রতিবাদ সাব্যস্থ কৰে । শক্তিখণ্ড ব্যক্তিকৰণ হলে উপভোক্তাসকলৰ ওপৰত অধিক বিল বহনেৰে মাধমাৰ দিয়া হ’ব বুলিও অভিযোগ কৰে ৷
শক্তিখণ্ডৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত অন্ধকাৰ দেখিয়েই ব্যক্তিগতকৰণৰ বিৰুদ্ধে এনে গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিছে বুলি প্ৰতিবাদীসকলে মন্তব্য কৰে ৷ প্রতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ সম্মুখতো এই সন্দৰ্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰি দেহত শেষ বিন্দু তেজ থকা পর্যন্ত চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্থ কৰি যাব বুলি হুংকাৰ প্রদান কৰে। আজি ডিফুত হোৱা প্ৰতিবাদী কাৰ্যসূচীত কোঅৰ্ডিনেছন কমিটি অৱ ইলেক্ট্ৰিচিটি এমপ্লয়িজ, ইঞ্জিনিয়াৰ্চ আৰু পেঞ্চনাৰ্চসকলৰ মুখ্য আহ্বায়ক আৰিফ উদ্দিন, আহ্বায়ক নয়নমনি দাস, সদস্যসকল ক্ৰমে, অৰূপ শৰ্মা, শশাংক দাস আৰু ইলোৰা বৰুৱা উপস্থিত থাকে।