চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ প্রধান বাণিজ্যিক চহৰ ডিমাপুৰত আজি দুপৰীয়াৰ ভাগত সংঘটিত হােৱা এক ভয়ংকৰ বিষ্ফোৰণৰ ঘটনাত এজন লােক থিতাতে নিহত হােৱাৰ বাতৰি পােৱা গৈছে।
এই সন্দর্ভত সবিশেষ তথ্য জানিব পৰা হােৱা নাই যদিও এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি , ডিমাপুৰৰ ইউ এন বি কলনি, বার্মা কেম্প নামৰ ঠাইত ভঙা-ছিঙা সামগ্রীৰ এটা গােদামঘৰৰ ভিতৰত এটা শক্তিশালী বােমা বিস্ফোৰিত হয়।
বিস্ফোৰণটোত এজন লােক নিহত হােৱাৰ বিপৰীতে আন চাৰিজন গুৰুতৰভাবে আহত হয়। ইয়াৰে দুজনৰ অৱস্থা অতিকৈ সংকটজনক।
আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভর্তি কৰােৱা হৈছে। বিস্ফেৰণটোৰ প্রাবল্য ইমানেই শক্তিশালী আছিল যে ইয়াৰ ফলত এজন লােকৰ হাত-ভৰি পর্যন্ত ছিঙি যােৱা দেখিবলৈ পােৱা গৈছে।
ভঙা-ছিঙা টিন, প্লাষ্টিকজাতীয় সামগ্রী সংগ্রহ কৰি অনাৰ সময়তে উক্ত সামগ্রীসমূহৰ ভিতৰত সােমাই অহা বােমাটো আজি দুর্ঘটনাক্রমে বিস্ফোৰিত হােৱাৰ ফলতে এই শােকাৱহ ঘটনা সংঘটিত হােবা বুলি অনুমান কৰা হৈছে।
আজি বিয়লি ডিমাপুৰ আৰক্ষীয়ে চছিয়েল মিডিয়াযােগে সদৰি কৰা অনুসৰি, ভঙা-ছিঙা সামগ্রীসমূহত হাতুৰীৰে কোব মৰাৰ ফলতে এই বিস্ফোৰণ সংঘটিত হয়। ঘটনা সন্দর্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।