ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা আতংকৰ মাজতে আছে উত্তৰ-পূৰ্ব বাবে আছে এক ভাল খবৰ।উত্তৰ-পূৰ্বৰ দুই ক’ৰ’ণাৰ আক্রান্ত ৰাজ্য মণিপুৰ আৰু অৰুণাচল শেহতীয়া ভাৱে মুক্ত হৈছে ক’ৰ’ণা পৰা।খবৰ অনুসৰি মণিপুৰৰ দ্বিতীয় গৰাকীৰ ক’ৰ’ণা আক্রান্ত সম্পূৰ্ন সুস্থ। ইম্ফলৰ আৰ.আই.এম.এছ চিকিৎসালয়ত ভৰ্তি হৈ থকা আক্রান্ত গৰাকী নমুনা পৰীক্ষাৰ শেহতীয়া ফলাফল নেগেটিভ আহিছে।
উল্লেখ যে ইয়াৰ পূৰ্বে ২৩বছৰীয়া ৰাজ্যখনৰ প্ৰথম গৰাকীৰ আক্রান্ত ফলাফল নেগেটিভ আহিল।ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ অন্য এখন ৰাজ্য অৰুণাচল শেহতীয়া ভাৱে মুক্ত হৈছে ক’ৰ’ণা পৰা।ৰাজ্য খনৰ এগৰাকীৰ ব্যক্তি দেহত ধৰা পৰিছিল ক’ৰ’ণা উপস্থিতি।কিন্তু শেহতীয়া ভাৱে চিকিৎসাধীন হৈ থকা ব্যক্তি গৰাকীৰ দেহৰ পৰীক্ষাত ক’ৰ’ণা উপস্থিতি নেগেটিভ আহিছে।