ASSAM TIMES POST
নিউজ ডেস্ক:
উত্তৰ পূৱৰ বাবে এক ভয়ংকৰ খবৰ। মেঘালয়ৰ ক’ৰ’ণা ভাইৰাছ ত আক্ৰান্ত প্ৰথমজন ৰোগীৰ মৃত্যুৰ পিছত আহিছে এই ভয়ংকৰ খবৰ। উল্লেখযোগ্য যে মেঘালয়ৰ বেথানি হস্পিটেলৰ ক’ৰ’ণা আক্ৰান্ত ডাক্তৰজনৰ আজি মৃত্যু ঘটিছিল। লগে লগে ছিল কৰি দিয়া হয় সমগ্ৰ হস্পিটেল।
ইয়াৰ পূর্বে পৰীক্ষা কৰা হৈছিল তেওঁৰ পৰিয়ালৰ লোকসকলৰ। কিন্তু আজি অহা পৰীক্ষাৰ ফলাফলত পৰিয়ালটোৰ ৬জন সদস্যৰ দেহত ক’ৰ’ণা ভাইৰাছ পজিটিভ ধৰা পৰে। ইয়াকে লৈ এতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ।