
বৃহপতিবাৰে সন্ধিয়া নগাঁও জিলা আয়ুক্ত (DC of Nagaon) আৰু সকলো প্ৰকাৰৰ প্ৰশাসনিক সেৱাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে দেৱাশীষ শৰ্মাই (Devashis Sarma)। ইয়াৰ লগে লগে ৰাজনৈতিক মহলত প্ৰবল ধুমুহাৰ সৃষ্টি কৰিছে। কিয়নো অৱসৰৰ পিছত দেৱাশীষ শৰ্মাই বিজেপিত যোগদান কৰাটো একপ্ৰকাৰ নিশ্চিত। কেৱল বিজেপিত যোগদান কৰাই নহয়, আগন্তুক নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও চৰ্চা চলি আছে। অৱশ্যে এই ক্ষেত্ৰত বিজেপিৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই যদিও দেৱাশীষ শৰ্মাই নিজে বিজেপিত যোগদান কৰা কথাটো নুই কৰা নাই। তাৰে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলে দেৱাশীষ শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
উল্লেখযোগ্য যে পূৰ্বতে মৰিগাঁও জিলা আৰু অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বলৈকে নগাঁও জিলাৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা আইএএছ বিষয়া দেৱাশীষ শৰ্মাই প্ৰায় এমাহ পূৰ্বে স্বেচ্ছামূলক অৱসৰ বিচাৰি অসম চৰকাৰৰ ওচৰত আবেদন কৰিছিল। উল্লেখযোগ্য যে তেওঁ মুম্বাই অসম ভৱনৰ অতিৰিক্ত আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল। তেনে ক্ষেত্ৰত তেওঁ দুয়োটা গুৰুত্বপূৰ্ণ পদবীৰ পৰা অৱসৰ বিচাৰি কৰা আবেদনত ৩ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে অনুমোদন জনায়। লগে লগে তেওঁ ৩৪ বছৰীয়া চাকৰি জীৱনৰ অন্ত পেলাই জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিবলৈ ৰাজনীতিৰ পথাৰত খোজ পেলাবলৈ অগ্ৰসৰ হৈছে।

কিন্তু তেওঁৰ হঠাৎ এই অৱসৰ বিশেষকৈ নিৰ্বাচনৰ অতি নিকট সময়ত অৱসৰ গ্ৰহণ কৰি শাসকীয় দলত যোগদান তথা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ওলোৱা খবৰৰ পিছত কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰশাসনিক বিষয়া হোৱাৰ সুবাদত নিৰ্বাচনী প্ৰক্ৰিয়াৰ সুযোগ শাসকীয় দলে গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰি চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ অভিযোগ কৰিছে কংগ্ৰেছে।
এই সন্দৰ্ভত প্ৰাক্তন জিলা আয়ুক্ত তথা নগাঁও জিলাৰ নিৰ্বাচনী বিষয়াৰ দায়িত্বত থকা দেৱাশীষ শৰ্মাৰ বিৰুদ্ধ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে সাংসদ ৰকিবুল হুছেইনে৷ লগতে সকলো তথ্য-প্ৰমাণসহ ভাৰতীয় নিৰ্বাচন আয়োগলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰি জৰুৰী হস্তক্ষেপ বিচাৰিছে। তেওঁ এই পত্ৰখন অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰিছে। পত্ৰখনৰ জৰিয়তে তেওঁ নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতা, নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা ৰক্ষাৰ স্বাৰ্থত নিৰ্বাচন আয়োগৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে।
ৰকিবুল হুছেইনে পত্ৰখনত উল্লেখ কৰে যে জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব পালন কৰাৰ সময়ত দেৱাশীষ শৰ্মাই ইভিএম ব্যৱস্থাপনা, নিৰ্বাচনী সামগ্ৰী, কৰ্মচাৰী নিয়োগ, পৰিবহণ আৰু ভোটগ্ৰহণৰ প্ৰস্তুতি আদি কেইবাটাও অতি সংবেদনশীল দিশ পৰিচালনাৰ দায়িত্বত আছিল। সেয়ে তেওঁৰ কাৰ্যকালত গ্ৰহণ কৰা নিৰ্বাচন সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু পদক্ষেপ পুনৰীক্ষণ কৰাৰ বাবে সাংসদগৰাকীয়ে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে৷













