ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

নিউজ ডেস্কঃ

News Desk by News Desk
September 4, 2026
Reading Time: 1 min read
A A
0
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

RELATED POSTS

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes

New Logo Smal 4 | ASSAM TIMES POST

হিমবাহ দ্রুতভাৱে গলাৰ ফলত অৰুণাচল প্রদেশৰ (Arunachal Pradesh) হ্রদবোৰত আকস্মিক বান (গ্লেচিয়াল লেক আউটবাৰ্ষ্ট ফ্লাড, সংক্ষেপে গ্লফ) পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰে ভিতৰত দুটা হ্রদৰ পৰা আকস্মিক বান সৃষ্টি হোৱাৰ আশংকা সকলোতকৈ বেছি। ইয়াৰ উপৰি আৰু ৩৬টা হ্রদৰ পৰা ‘গ্লফ’ পৰিস্থিতি সৃষ্টি হোৱাৰ মধ্যমীয়া বিপদাশংকা আছে। শেহতীয়াভাৱে প্রকাশিত এটি গৱেষণাত এই কথা পোহৰলৈ আহিছে।

‘ডিস্কভাৰ হেজাৰ্ডছ’ শীর্ষক জার্নেলত প্রকাশিত এই গৱেষণা অনুযায়ী, অৰুণাচলৰ ১২৭টা হ্রদৰ ভিতৰত ৮৯টাত কম বিপদাশংকা, ৩৬টাত মধ্যমীয়া আৰু ২টা হ্রদত ‘গ্লফ’ পৰিস্থিতি সৃষ্টি হোৱাৰ সৰ্বাধিক বিপদাশংকা আছে।

পার্বত্য এলেকাত হিমবাহসৃষ্ট হ্রদবোৰত জমা হোৱা পানী হঠাৎ ওলাই আহিলে ‘গ্লফ’ পৰিস্থিতিৰ সৃষ্টি হয়। সাধাৰণতে প্রাকৃতিকভাৱে সৃষ্টি হোৱা বান্ধ ভাঙি যোৱাটোৱেই ইয়াৰ কাৰণ। মধ্যমীয়া আৰু বেছি বিপদাশংকা থকা হ্রদবোৰ প্রায় বেছিভাগেই আপাৰ দিবাং উপত্যকা, পশ্চিম কামেং আৰু টাবাং অঞ্চলত আছে। আনহাতে, এই অঞ্চলবোৰতেই জনবসতি বেছি আৰু জলবিদ্যুৎ প্ৰকল্পও আছে। সেয়ে গৱেষণাত এই ক্ষেত্ৰতো আশংকা প্রকাশ কৰা হৈছে।

এই গৱেষণাত আৰু কেইটামান তথ্য পোহৰলৈ আহিছে। বিগত কেইবা বছৰত হিমবাহসৃষ্ট হ্রদবোৰত উল্লেখযোগ্য পৰিৱর্তন লক্ষ কৰৈ হৈছে। ১৯৮৮ চনত অৰুণাচলত ১১০.৭২ হেক্টৰ এলেকাজুৰি সম্ভাব্য বিপজ্জনক হিমবাহসৃষ্ট হ্রদেৃৰ সংখ্যা আছিল ২৪টা। ২০২০ চনত এনে ধৰণৰ হ্রদৰ সংখ্যা কমি গৈ ২২টা হ’লেও সেইবোৰৰ আয়তন বৃদ্ধি পাই ১২৫.৯৩ হেক্টৰ হৈছেগৈ।

lack | ASSAM TIMES POST
অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

বিভিন্ন সময়ৰ উপগ্রহীয় চিত্রৰ পৰা পোৱা পৰিসংখ্যা অধ্যয়ন কৰি গৱেষকসকলে জনাইছে যে ১৯৮৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত অৰুণাচল প্রদেশত হিমবাহসৃষ্ট হ্রদৰ এলেকা বৃদ্ধিৰ অর্থ হ’ল হ্রদগুবোৰৰ আয়তন দ্রুতগতিত বৃদ্ধি পাইছে।

গৱেষকসকলে কৈছে যে পূৰ্বৰ গৱেষণা অনুযায়ী হিমবাহসৃষ্ট হ্রদৰ আয়তন দ্রুতগতিত বৃদ্ধি পোৱাৰ প্রধান কাৰণ হৈছে দুটা। এটা হৈছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱর্তন। ঊর্ধ্বমুখী তাপমাত্রাৰ কাৰণে হিমবাহ গলি সেই পানী তলৰ ফালে নামি আহিছে। ফলত নতুন হ্রদ সৃষ্টি হৈছে আৰু পুৰণিবোৰৰ আকাৰ বৃদ্ধি পাইছে।

এনে পৰিস্থিতিত বৃহস্পতিবাৰে কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে জনায় যে অৰুণাচলসহ হিমালয় স‌ংলগ্ন সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত হিমবাহসৃষ্ট হ্রদত আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি হ’লে সেয়া চম্ভালি লোৱাৰ প্রস্তুতিত যাতে কোনো ধৰণৰ ঘাটি নাথাকে তাৰ প্ৰতি নজৰ ৰখা হৈছে।

অৰুণাচল প্রদেশ সাধাৰণতে ‘গ্লফ’ আৰু হিমস্খলনপ্রবণ ৰাজ্য। সেয়ে হিমস্খলনপ্রবণ অঞ্চলত আৰু হ্রদবোৰত লক্ষ্য ৰখা হৈছে। কোনো বিপর্যয়ৰ সৃষ্টি হ’লে তাৰে লোকসকলক দ্রুততাৰে স্থানান্তৰ কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে বুলি কেন্দ্রীয় গৃহ সচিবে প্ৰকাশ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Arunachalmountainlakes
Share4Tweet3Send

Related Posts

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
54
Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes
NORTHEAST

Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes

by News Desk
August 29, 2026
53
Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized
NORTHEAST

Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized

by News Desk
August 29, 2026
53
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

by News Desk
August 28, 2026
51
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

by ASSAM TIMES POST
August 25, 2026
54
ADVERTISEMENT
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

September 4, 2026
50
FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ
National-International

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

September 4, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

September 4, 2026
50
ISRO : পাক-চীন সীমান্তৰ নিৰীক্ষণৰ উপৰি হিমবাহৰ ওপৰতো চকু ৰাখিব পৰা নতুন উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ
National-International

ISRO : পাক-চীন সীমান্তৰ নিৰীক্ষণৰ উপৰি হিমবাহৰ ওপৰতো চকু ৰাখিব পৰা নতুন উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ

September 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

September 4, 2026
FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

September 4, 2026
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

September 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d