ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

নিউজ ডেস্কঃ

News Desk by News Desk
September 4, 2026
Reading Time: 1 min read
A A
0
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

RELATED POSTS

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

New Logo Smal 4 | ASSAM TIMES POST

হিমবাহ দ্রুতভাৱে গলাৰ ফলত অৰুণাচল প্রদেশৰ (Arunachal Pradesh) হ্রদবোৰত আকস্মিক বান (গ্লেচিয়াল লেক আউটবাৰ্ষ্ট ফ্লাড, সংক্ষেপে গ্লফ) পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰে ভিতৰত দুটা হ্রদৰ পৰা আকস্মিক বান সৃষ্টি হোৱাৰ আশংকা সকলোতকৈ বেছি। ইয়াৰ উপৰি আৰু ৩৬টা হ্রদৰ পৰা ‘গ্লফ’ পৰিস্থিতি সৃষ্টি হোৱাৰ মধ্যমীয়া বিপদাশংকা আছে। শেহতীয়াভাৱে প্রকাশিত এটি গৱেষণাত এই কথা পোহৰলৈ আহিছে।

‘ডিস্কভাৰ হেজাৰ্ডছ’ শীর্ষক জার্নেলত প্রকাশিত এই গৱেষণা অনুযায়ী, অৰুণাচলৰ ১২৭টা হ্রদৰ ভিতৰত ৮৯টাত কম বিপদাশংকা, ৩৬টাত মধ্যমীয়া আৰু ২টা হ্রদত ‘গ্লফ’ পৰিস্থিতি সৃষ্টি হোৱাৰ সৰ্বাধিক বিপদাশংকা আছে।

পার্বত্য এলেকাত হিমবাহসৃষ্ট হ্রদবোৰত জমা হোৱা পানী হঠাৎ ওলাই আহিলে ‘গ্লফ’ পৰিস্থিতিৰ সৃষ্টি হয়। সাধাৰণতে প্রাকৃতিকভাৱে সৃষ্টি হোৱা বান্ধ ভাঙি যোৱাটোৱেই ইয়াৰ কাৰণ। মধ্যমীয়া আৰু বেছি বিপদাশংকা থকা হ্রদবোৰ প্রায় বেছিভাগেই আপাৰ দিবাং উপত্যকা, পশ্চিম কামেং আৰু টাবাং অঞ্চলত আছে। আনহাতে, এই অঞ্চলবোৰতেই জনবসতি বেছি আৰু জলবিদ্যুৎ প্ৰকল্পও আছে। সেয়ে গৱেষণাত এই ক্ষেত্ৰতো আশংকা প্রকাশ কৰা হৈছে।

এই গৱেষণাত আৰু কেইটামান তথ্য পোহৰলৈ আহিছে। বিগত কেইবা বছৰত হিমবাহসৃষ্ট হ্রদবোৰত উল্লেখযোগ্য পৰিৱর্তন লক্ষ কৰৈ হৈছে। ১৯৮৮ চনত অৰুণাচলত ১১০.৭২ হেক্টৰ এলেকাজুৰি সম্ভাব্য বিপজ্জনক হিমবাহসৃষ্ট হ্রদেৃৰ সংখ্যা আছিল ২৪টা। ২০২০ চনত এনে ধৰণৰ হ্রদৰ সংখ্যা কমি গৈ ২২টা হ’লেও সেইবোৰৰ আয়তন বৃদ্ধি পাই ১২৫.৯৩ হেক্টৰ হৈছেগৈ।

lack | ASSAM TIMES POST
অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

বিভিন্ন সময়ৰ উপগ্রহীয় চিত্রৰ পৰা পোৱা পৰিসংখ্যা অধ্যয়ন কৰি গৱেষকসকলে জনাইছে যে ১৯৮৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত অৰুণাচল প্রদেশত হিমবাহসৃষ্ট হ্রদৰ এলেকা বৃদ্ধিৰ অর্থ হ’ল হ্রদগুবোৰৰ আয়তন দ্রুতগতিত বৃদ্ধি পাইছে।

গৱেষকসকলে কৈছে যে পূৰ্বৰ গৱেষণা অনুযায়ী হিমবাহসৃষ্ট হ্রদৰ আয়তন দ্রুতগতিত বৃদ্ধি পোৱাৰ প্রধান কাৰণ হৈছে দুটা। এটা হৈছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱর্তন। ঊর্ধ্বমুখী তাপমাত্রাৰ কাৰণে হিমবাহ গলি সেই পানী তলৰ ফালে নামি আহিছে। ফলত নতুন হ্রদ সৃষ্টি হৈছে আৰু পুৰণিবোৰৰ আকাৰ বৃদ্ধি পাইছে।

এনে পৰিস্থিতিত বৃহস্পতিবাৰে কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে জনায় যে অৰুণাচলসহ হিমালয় স‌ংলগ্ন সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত হিমবাহসৃষ্ট হ্রদত আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি হ’লে সেয়া চম্ভালি লোৱাৰ প্রস্তুতিত যাতে কোনো ধৰণৰ ঘাটি নাথাকে তাৰ প্ৰতি নজৰ ৰখা হৈছে।

অৰুণাচল প্রদেশ সাধাৰণতে ‘গ্লফ’ আৰু হিমস্খলনপ্রবণ ৰাজ্য। সেয়ে হিমস্খলনপ্রবণ অঞ্চলত আৰু হ্রদবোৰত লক্ষ্য ৰখা হৈছে। কোনো বিপর্যয়ৰ সৃষ্টি হ’লে তাৰে লোকসকলক দ্রুততাৰে স্থানান্তৰ কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে বুলি কেন্দ্রীয় গৃহ সচিবে প্ৰকাশ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Arunachalmountainlakes
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

by News Desk
October 8, 2026
52
Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

by News Desk
October 2, 2026
51
ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ
NORTHEAST

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

by News Desk
October 2, 2026
52
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

by News Desk
September 29, 2026
51
ADVERTISEMENT
Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 
National-International

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
50
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
50
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026
50
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d