
ত্ৰিপুৰাত এনডিএৰ (Tripura NDA) দুই অংশীদাৰ বিজেপি আৰু টিপ্ৰা মাথাৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছে। মঙলবাৰে ত্ৰিপুৰা জনজাতি আঞ্চলিক স্বায়ত্তশাসিত জিলা পৰিষদ এলেকাত গাঁও সমিতিৰ নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে এই অশান্তিৰ সূচনা হয়।
এইবাৰ এডিচি এলেকাৰ ৪,৫৯৪ খন গাঁও সমিতিৰ আসনৰ ভিতৰত ৩ ৪২৮ খন আসন অকল টিপ্ৰা মাথাই লাভ কৰে। ৰাজ্যৰ প্ৰধান শাসকীয় দল বিজেপিয়ে ৮৫৯ খন আৰু শাসকীয় মিত্ৰজোঁটৰ আন এটা অংশীদাৰ আইপিএফটিয়ে ৩৩ খন লাভ কৰে । চিপিআই(এম)য়ে ৮৭ খন, কংগ্ৰেছে ১৪ খন আৰু নিৰ্দলীয় আৰু অন্যান্যই ১৭৩ খন আসন লাভ কৰে । টিপ্ৰা আৰু আইপিএফটি দুয়োটা বিজেপি নেতৃত্বাধীন উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এনডিএ) সদস্য। কিন্তু এইবাৰ গাঁওসভাৰ নির্বাচনত তিনিওটা দল সম্পূর্ণ সহমতত উপনীত নহ’ল৷

মঙলবাৰৰ পৰা দক্ষিণ ত্ৰিপুৰা জিলাৰ বীৰচন্দ্ৰ মনু আৰু মানু, ধলাই জিলাৰ চেলোন্টা, খোৱাই জিলাৰ চম্পাহোৰ আৰু গোমটি জিলাৰ অমৰপুৰ আৰু গণ্ডাচৰা অঞ্চলত দুয়োটা দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। চম্পাহাওৰত বিজেপি সমৰ্থিত দুষ্কৃতিকাৰীৰ গুলীচালনাত এজন টিপ্ৰা সমৰ্থক নিহত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
আনহাতে, বীৰচন্দ্ৰ মনু আৰু মানু অঞ্চলত জয়ী হোৱা টিপ্ৰা সমৰ্থকে নিজৰ দলৰ প্ৰাৰ্থীৰ ঘৰ আৰু কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। ইয়াৰ প্ৰতিবাদত বিজেপি সমৰ্থকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মনপথাৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।













