
‘ৰাইজৰ দল’ৰ (Raijor Dal) সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) সভাপতি তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত আজি এপিচিচিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাৰ স্বাক্ষৰ সম্বলিত এক গুৰুত্বপূৰ্ণ সাংগঠনিক চাৰ্কুলাৰ (Ref. No.: APCC/Circular/546) আনুষ্ঠানিকভাৱে জাৰি কৰা হয়।
চাৰ্কুলাৰখনত উল্লেখ কৰা অনুসৰি, বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিয়া আৰু ৰাইজৰ মাজলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাইজৰ দলসহ কেইবাটাও আঞ্চলিক আৰু বাওঁপন্থী সৰ্বভাৰতীয় দলক একত্ৰিত কৰি নিৰ্বাচনী মিত্ৰজোঁট গঠন কৰিছিল।

কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে, এই দীৰ্ঘ সময়ছোৱাত ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰজোঁটৰ নীতি-নিয়ম আৰু মৰ্যাদা উলংঘা কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভুৱা অপপ্ৰচাৰ আৰু চৰিত্ৰহননৰ নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈ পৰে। কেৱল সেয়াই নহয়, বিৰোধী মিত্ৰজোঁটত চামিল থকা অন্যান্য অংশীদাৰ দলসমূহৰ শীৰ্ষ নেতৃবৰ্গৰ বিৰুদ্ধেও ৰাইজৰ দলৰ নেতৃত্বই বিভিন্ন সময়ত ভিত্তিহীন, অনাকাংক্ষিত আৰু অসন্মানজনক মন্তব্য প্ৰদান কৰি মিত্ৰতাৰ মৌলিক আচাৰ-নীতিক বাৰে বাৰে আঘাত হানিছে বুলি কংগ্ৰেছে উল্লেখ কৰিছে।
মিত্ৰজোঁটৰ এনে ধৰণৰ চৰম নীতিবিৰোধী আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ সৈতে ভৱিষ্যতে ৰাজনৈতিক সম্পৰ্ক বাহাল ৰখাটো আৰু কোনোপধ্যেই সম্ভৱপৰ নহয় বুলি কংগ্ৰেছে স্পষ্ট কৰি দিছে।
অৱশ্যে মিত্ৰতা ভংগ হ’লেও ভাৰতীয় জাতীয় কংগ্ৰেছ নিজৰ লক্ষ্যত অটল থাকিব বুলি সদৰী কৰিছে। দলটোৱে পূৰ্বৰ দৰেই সাধাৰণ ৰাইজৰ প্ৰতিটো জ্বলন্ত সমস্যা আৰু স্বাৰ্থজড়িত বিষয় সজোৰে উত্থাপন কৰি যাব আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনৰ জনবিৰোধী কাম-কাজ, অন্যায় নীতি আৰু অপশাসনৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক জবাবদিহিতা অব্যাহত ৰাখিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে।













