
বুধাবাৰে পুৱতিনিশা জোনাইত সংঘটিত হৈছে এক ভয়ানক হত্যাকাণ্ড (Jonai murder)। পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে দুগৰাকী কন্যাসহ তিনি সন্তানক (Three children)। আনহাতে, শিক্ষক স্বামীয়ে লগতে হত্যা কৰে পত্নীকো। জোনাইৰ তেলাম বজাৰত সংঘটিত এই শোকাৱহ ঘটনাত মৃত্যু হয় কন্যা নেইনা আখতাৰ (১৩), ৰিজিকা বেগম (৫), পুত্ৰ চাখিল আলী (৮) আৰু পত্নী চিনুৱাৰা বেগম (৩৩)। উল্লেখ্য যে অভিযুক্ত শিক্ষকগৰাকীৰ নাম হৈছে ফিৰোজ আলী (৫৫)। তেওঁ গামচুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ফৰেনছিক দলো উপস্থিত হৈ নমুনা সংগ্ৰহ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে। ইফালে অভিযুক্ত শিক্ষকগৰাকীয়ে কোৱা মতে, আৰ্থিক অনাটনৰ বাবেই তেওঁ এই নিৰ্মম কাণ্ড সংঘটিত কৰে।













