
পাকিস্তানৰ (Pakistan) প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান (Imran Khan) আৰু তেওঁৰ পত্নী বুছৰা বিবিক ৰাৱালপিণ্ডিৰ আদিয়ালা জেলত ‘ছলিটেৰি চেল’ অৰ্থাৎ অকলশৰীয়া কাৰাগাৰত ৰাখিব নোৱাৰিব। ইছলামাবাদ উচ্চ ন্যায়ালয়ে মঙলবাৰে এই নিৰ্দেশ দিয়ে। তদুপৰি ইমৰাণ আৰু বুছৰাক তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ, শিক্ষামূলক সামগ্ৰী যোগান ধৰিবলৈ আৰু চিকিৎসা সেৱাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ জে’ল কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আদালতে।
পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক তথা বিশ্বকাপ বিজয়ী পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ইমৰাণ খান ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ৰাৱালপিণ্ডিৰ আদিয়ালা জে’লত বন্দী হৈ আছে। ২০২৫ চনত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী বুছৰাক টোছাখানা গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। ইয়াৰ পিছত তেওঁকো জে’ললৈ প্ৰেৰণ কৰা হৈছিল।

ইমৰাণৰ পৰিয়ালৰ অভিযোগ যে তেওঁলোকে কয়দী দুজনক সাক্ষাৎ কৰাৰ সময়ত বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে। আদালতৰ নিৰ্দেশকো আওকাণ কৰিছে আদিয়ালা জে’ল কৰ্তৃপক্ষই! আনকি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰাও বঞ্চিত কৰা হৈছে।
ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ খাদিম হুছেইন ছুমৰোৱে মঙলবাৰে ইমৰাণ আৰু বুছৰাই দাখিল কৰা আবেদনৰ ভিত্তিত ৰায় দিয়ে যে কোনো কাৰণতে তেওঁলোকক একক কাৰাগাৰত ৰাখিব নোৱাৰিব। এই প্ৰসংগত ন্যায়াধীশ ছুমৰোৱে প্ৰয়াত পিপিপি নেতা নুছৰত ভুট্টো (নিহত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ মাতৃ) আৰু বেগম ছামিম আফ্ৰিদিৰ গোচৰত উচ্চতম ন্যায়ালয়ে কয়দীৰ অধিকাৰ সুৰক্ষিত কৰা, জে’লৰ ভিতৰত মৌলিক সুবিধা নিশ্চিত কৰা আৰু অবৈধ একাকী কাৰাদণ্ডৰ বিৰুদ্ধে দিয়া ৰায়ৰ কথাও উল্লেখ কৰে।













