
বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা।নিশা সংঘটিত ভয়ংকৰ ঘটনাত দুই আৰক্ষী জোৱান নিহত।আৰক্ষীৰ AK-47ৰ গুলীত নিহত হোৱাৰ খবৰ দুজন জোৱানৰ।

নিহত জোৱান দুজনক ফজুৰুল আলী আৰু ইন্দ্ৰজিৎ বৰা বুলি প্ৰাথমিকভাৱে চিনাক্ত।নিহত ইন্দ্ৰজিৎ বৰা গামেৰীমূৰা আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল বুলি জানিব পৰা গৈছে।
ঘটনাৰ আঁৰত আৰক্ষী জোৱান চিৰঞ্জীৱ চৌধুৰী জড়িত থকাৰ অভিযোগ অৱশ্যে কিয় আৰু কি পৰিস্থিতিত এই গুলীচালনাৰ ঘটনা সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ঘটনাস্থলীত আৰক্ষীৰ তদন্ত আৰম্ভ বকো আৰক্ষী থানাৰ অন্তৰ্গত গামেৰীমূৰাত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।
অধিক তথ্যৰ বাবে অপেক্ষা..













