ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

নিউজ ডেস্কঃ

News Desk by News Desk
September 2, 2026
Reading Time: 1 min read
A A
0
Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

RELATED POSTS

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

New Logo Smal 4 | ASSAM TIMES POST

যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কন্যাশিশু অপহৰণৰ ঘটনা (Girl kidnapped in Moriani)। এগৰাকী ৯ বছৰীয়া কন্যাশিশুক অপহৰণ কৰি ৬০ লাখ টকা মুক্তিপণ দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে আৰক্ষীৰ তৎপৰতাত নিশা দেৰগাঁৱৰ ইছলামনগৰৰ পৰা শিশুটিক সুকলমে উদ্ধাৰ (Rescue the child) কৰিবলৈ সক্ষম হয়।

প্ৰাথমিক তথ্য অনুসৰি, মঙলবাৰে দুপৰীয়া শিশুটোৰ আত্মীয়ৰ ঘৰত উপস্থিত হৈছিল শিশুটোৰ মামা সাগৰ ঘোষ ওৰফে টাৰ্জেন আৰু মামীয়েক মনিষা ঘোষ। অভিযোগ অনুসৰি, তাৰ পিছতে কৌশলেৰে শিশুটিক লগত লৈ যায় দুয়োজনে।

কেইবা ঘণ্টা ধৰি শিশুটি ঘৰলৈ উভতি নহাত পৰিয়ালটোৰ মাজত হুৱাদুৱা লাগে। অভিযোগ অনুসৰি, সন্ধিয়া প্ৰায় ৫ বজাত অপহৰণকাৰীয়ে পৰিয়ালৰ সৈতে যোগাযোগ কৰি ৬০ লাখ টকা মুক্তিপণ দাবী কৰে। লগতে আৰক্ষীক খবৰ নিদিবলৈ সকীয়াই দিয়াৰ উপৰি নিশা ৮ বজাৰ ভিতৰত দাবী কৰা ধন আদায় নিদিলে শিশুটিক হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে।

assam | ASSAM TIMES POST
মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

ঘটনাৰ পিছতে পৰিয়ালে সাংবাদিকৰ সৈতে যোগাযোগ কৰাৰ লগতে আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে মৰিয়নী আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰে। অভিযানৰ ফলত নিশা প্ৰায় ২ বজাত দেৰগাঁৱৰ ইছলামনগৰৰ পৰা অপহৃত শিশুটিক উদ্ধাৰ কৰা হয়।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰা হৈছে। তেওঁলোক হৈছে সাগৰ ঘোষ ওৰফে টাৰ্জেন আৰু ৱাচিম ৰহমান ওৰফে কনকাই। সাগৰ ঘোষক দেৰগাঁৱৰ কয়লাখাটাৰ পৰা আৰু ৱাচিম ৰহমানক দেৰগাঁৱৰ ইছলামনগৰৰ পৰা আটক কৰা হয়।

ইফালে, মনিষা ঘোষ, ৰাহুল আলী আৰু ‘ম’ন’ নামৰ আন তিনিজন লোক বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে। ৰাহুল আলীৰ ঘৰ দেৰগাঁৱৰ ইছলামনগৰত আৰু ‘ম’নৰ ঘৰ দেৰগাঁৱৰ ফুকন নগৰত বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে।

আৰক্ষীয়ে অপহৰণত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা এখন বেলেনো বাহন, নম্বৰ AS05B 9917, আৰু এখন ৰঙা স্কুটি, নম্বৰ AS05W 4263, জব্দ কৰিছে।

আনহাতে, অপহৰণৰ পূৰ্বে শিশুটোৰ মামা-মামীয়েকে মৰিয়নীৰ লোকনাথ ভৱনৰ ১০৯ নম্বৰ কোঠাত প্ৰায় তিনিদিন ধৰি বাহৰ পাতি থকাৰ তথ্যও পোহৰলৈ আহিছে।

ঘটনাটোৰ আঁৰত থকা প্ৰকৃত উদ্দেশ্য, অপহৰণৰ পৰিকল্পনা, মুক্তিপণ দাবীৰ সৈতে জড়িত যোগাযোগ আৰু পলাতক অভিযুক্তসকলৰ ভূমিকা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GirlkidnappedinMoriani
Share5Tweet3Send

Related Posts

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

by News Desk
September 8, 2026
52
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

by News Desk
September 8, 2026
52
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন
Assam

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

by News Desk
September 8, 2026
51
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by News Desk
September 7, 2026
51
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান
Assam

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

by News Desk
September 7, 2026
50
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d