
বিহাৰৰ পৰা বিজেপিৰ সাংসদ সঞ্জয় জয়ছোৱালক বিদেশী অৱদান নিয়মাৱলী (সংশোধনী) বিধেয়ক (এফচিআৰএ) (Foreign Contribution Regulation (Amendment) Bill) পুনৰীক্ষণ আৰু সংশোধনৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে লোকসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনাযোগে এই সিদ্ধান্ত ঘোষণা কৰে অধ্যক্ষ ওম বিৰলাই।
বিগত মাহত সংসদৰ অন্তিম অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে বিদেশী অৱদান নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক (এফচিআৰএ)ৰ পৰা পিছুৱাই যাবলৈ বাধ্য হৈছিল। কিন্তু বিৰোধীয়ে বিধেয়কখন বাতিল কৰিবলৈ দাবী জনোৱাৰ পাছতো অৱশেষত শাসকীয় শিবিৰে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। নিয়ম অনুসৰি লোকসভাৰ অধ্যক্ষ বিৰলাই ৩১ জনীয়া জেপিচিত অধ্যক্ষকে ধৰি ২১জন লোকক মনোনীত কৰিব পাৰে। বাকী ১০ জনক মনোনীত কৰিব ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে। বৃহস্পতিবাৰে বিহাৰ বিজেপিৰ প্ৰাক্তন সভাপতি তথা পশ্চিম চম্পাৰাণৰ সাংসদ সঞ্জয়ক কমিটীৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।

এই সন্দৰ্ভত কেন্দ্ৰই যোৱা মাৰ্চ মাহৰ বাজেট অধিৱেশনত লোকসভাত এফচিআৰএ সংশোধনী বিধেয়ক উত্থাপন কৰিছিল। যুক্তি আছিল যে এই সংশোধনী বিধেয়কখন বহিঃৰাষ্ট্ৰৰ পৰা অহা ধনৰ সহায়ত দেশত ধৰ্মান্তৰকৰণত সক্ৰিয় হৈ থকা ব্যক্তি বা সংগঠনক ৰোধ কৰিবলৈ অনা হৈছে। বিধেয়কখনৰ খচৰাত উল্লেখ আছে যে যদি কোনো এটা বছৰত বিদেশী অনুদানৰ প্ৰমাণ-পত্ৰ নবীকৰণ কৰিব নোৱাৰে বা প্ৰমাণ-পত্ৰ বাতিল হয় চৰকাৰে সেই সংস্থাটোৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰিব।
এই সন্দৰ্ভত বিজেপিৰ উত্তৰ-পূবৰ একাংশ মিত্ৰ দলেও আপত্তি দাঙি ধৰিছে। কেৰালা নিৰ্বাচনৰ ঠিক আগতে বিৰোধীয়ে এই বিধেয়ক খ্ৰীষ্টান বিৰোধী বুলি প্ৰচাৰ চলাইছিল আৰু মোদী চৰকাৰ আগবাঢ়ি যোৱা নাছিল। ইয়াৰ পিছত চৰকাৰে বৰ্ষাকালীন অধিৱেশনত বিধেয়কখন গৃহীত কৰাৰ পৰিকল্পনা কৰিছিল। সংসদৰ দুয়োটা সদনত প্ৰয়োজনীয় সংখ্যক আসন থকাৰ পাছতো বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে জেপিচিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ মূল কাৰণ হ’ল সংযুক্ত বিৰোধী শিবিৰ আৰু খ্ৰীষ্টান সংগঠনৰ হেঁচা।













