
পঞ্জাবত (Punjab) ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) চলি আছে। তাৰ পাছতেই আৱিষ্কাৰ হ’ল যে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাৰ (Raghav Chadha) নাম ৰাজ্যখনৰ খচৰা ভোটাৰ তালিকাত নাই৷ অৱশ্যে স্থায়ীভাৱে ঠিকনা সলনি কৰা সকলো ভোটাৰৰ তালিকাত তেওঁৰ নাম পোৱা গৈছে। বিজেপিত যোগদান কৰা ৰাঘৱৰ মতে এই ঘটনাৰ আঁৰত তেওঁৰ পুৰণি দল আম আদমী পাৰ্টি (আপ) আছে।
১৩ আগষ্টত নিৰ্বাচন আয়োগে পঞ্জাবৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছিল। মুঠ ২০ লাখ ৬৬ হাজাৰ ভোটাৰক তালিকাৰ পৰা বাদ দিয়া হৈছে। এছআইআৰৰ অধীনত ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ পাছত ৰাজ্যখনৰ প্রাক-এছআইআৰ ভোটাৰ তালিকাৰ প্রায় ৯.৬৩ শতাংশ নাম বাদ পৰিছে৷ অনুপস্থিত, অন্য ঠাইলৈ বদলি হোৱা, মৃত বা দুটা ঠাইত নাম থকা ভোটাৰৰ তালিকাত ৰাঘৱৰ নাম আছে। বিষয়টো পোহৰলৈ অহাৰ পিছৰে পৰা পঞ্জাবত আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাঘৱ। বৃহস্পতিবাৰে পুৱা ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছে, “এয়া কেৱল প্ৰশাসনিক ভুল নহয়। এইটো ৰাজনৈতিক প্ৰতিশোধৰ ঘটনা।” ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৰাজ্যৰ প্ৰশাসনিক গাঁথনি ব্যৱহাৰ কৰি দল ত্যাগ কৰাসকলৰ বিৰুদ্ধে আপে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে। ৰাঘৱে কয়, “মই দুৰ্নীতিগ্ৰস্ত আম আদমী পাৰ্টি এৰি যোৱাৰ পিছত দলটোৰ নেতৃত্ব ক্ষোভত জ্বলি আছে।”

অৱশ্যে ৰাঘৱৰ অভিযোগ খাৰিজ কৰিছে আপে। ছ’চিয়েল মিডিয়াত প্ৰত্যুত্তৰ দি কেজৰিৱালৰ দলে কয় যে নিৰ্বাচন আয়োগৰ দায়িত্বত আছে এছআইআৰ প্ৰক্ৰিয়া। ইয়াত ৰাজ্য চৰকাৰৰ কোনো ভূমিকা নাই। গতিকে খচৰা তালিকাত কাৰ নাম থাকিব আৰু কাৰ নাথাকিব সেইটো নিৰ্ণয় কৰাত তেওঁলোকৰ কোনো ভূমিকা নাই বুলি দাবী কৰিছে আপে। একে সময়তে তেওঁলোকে দাবী কৰে যে ৰাঘৱে অবৈধ উপায়েৰে দিল্লীৰ ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু যেতিয়া তেওঁ সেইটোত ব্যৰ্থ হয় তেতিয়া বিজেপিৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে পঞ্জাবৰ আপ চৰকাৰক দোষাৰোপ কৰিছে বুলি অভিযোগ কৰিছে আপৰে।
ৰাঘৱে কয় যে তেওঁ পঞ্জাবৰ মোহালীৰ ভোটাৰ। তাত তেওঁৰ নাম ভোটাৰ হিচাপে পঞ্জীয়ন হৈছিল। অক্টোবৰ মাহত আয়োগে প্ৰকাশ কৰিব পঞ্জাবৰ চূড়ান্ত ভোটাৰ তালিকা। নাম যোগ বা বাদ দিবলৈ ১২ ছেপ্টেম্বৰলৈকে আবেদন কৰিব পাৰিব। ৰাঘৱে কয় যে প্ৰয়োজনীয় নথি-পত্ৰ লৈ পুনৰ ৰাজ্যখনত ভোটাৰ হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আবেদন কৰিব। ৰাঘৱে দাবী কৰে যে এছআইআৰৰ নিয়ম অনুসৰি সাংসদ, বিধায়ক আৰু অন্যান্য জনপ্ৰতিনিধিৰ নাম ‘সংৰক্ষিত তালিকা’ত ৰখাৰ নিয়ম আছে। কিন্তু বৰ্তমান বিজেপিৰ সাংসদ হৈ থকা ৰাঘৱে অভিযোগ কৰে যে পঞ্জাবৰ আপ চৰকাৰেও আয়োগৰ সেই নিয়ম উলংঘা কৰিছে।
২০২২ চনত আপৰ টিকটত পঞ্জাবৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা ৰাঘৱে বিগত এপ্ৰিল মাহত অৰবিন্দ কেজৰিৱালৰ দলৰ আন ছয়জন ৰাজ্যসভাৰ সাংসদৰ সৈতে বিজেপিত যোগদান কৰিছিল। ৰাজ্যসভাৰ অধ্যক্ষই তেওঁলোকক বিজেপিৰ সাংসদ হিচাপে স্বীকৃতি দিয়ে। সেই সময়ত ৰাঘৱে দাবী কৰিছিল যে কেজৰিৱালৰ দলটোৱে নিজৰ মতাদৰ্শৰ পৰা আঁতৰি গৈছে। ইয়াৰ উত্তৰত আপে ৰাঘৱক ‘সুযোগসন্ধানী’ আখ্যা দি আক্ৰমণ কৰিছিল।











