ASSAM TIMES POST
গুৱাহাটী : বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ অপৰাধত মাওবাদীৰে সম্পৰ্ক থকা সন্দেহত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতি উপদেষ্টা অখিল গগৈ স্বাস্থ্যৰ অৱনতি ঘটিছে।গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় দুই মাহ ধৰি কাৰাৰুদ্ধ জীৱন অতিবাহিত কৰা কৃষক নেতা গগৈক বৃহস্পতি বাৰে লৈ অহা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।
চকু, হাড় আৰু প্ৰচণ্ড মূৰবিষ আক্রান্ত গগৈক চিকিৎসকে চশমা লবলৈ পৰামৰ্শ দিয়া।লগতে গগৈৰ স্বাস্থ্য সংক্রান্তীয় সকলো পৰীক্ষা কৰাৰ হয়। কাৰাগাৰৰ পৰা চিকিৎসালয় লৈ অনা সময়ত অসম চুক্তি ৬নং দফা সন্দৰ্ভত গগৈয়ে কয় “কেন্দ্ৰীয় চৰকাৰে ৬নং দফা প্ৰতিবেদন গ্ৰহণ নকৰে অসমীয়া জাতিক অপমান কৰিছে। প্ৰতিবেদনখন অতি সোনকালে গ্ৰহণ কৰিব লাগে”।
লগতে বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন এতিয়া সম্পূৰ্ন নহয় বুলি উল্লেখ কৰি গগৈয়ে কয় “ইনাৰ লাইন পাৰ্মিত, নাগৰিকত্ব, ৰাজ্যৰ প্ৰয়োজনীয় অধিকাৰ সমূহ সন্নিবিষ্ট থাকিব লাগে প্ৰতিবেদনত”।আনহাতে কা’ৰ বিৰুদ্ধে সংগ্ৰাম যোৰদাৰ গতিত চলাই নিবলৈ প্ৰতিজন অসমীয়াক আহ্বান জনায় গগৈয়ে।