ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladesh : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শাসনকালৰ আৰক্ষী প্ৰধানক মৃত্যুদণ্ড

নিউজ ডেস্কঃ

News Desk by News Desk
January 26, 2026
Reading Time: 1 min read
A A
0
Bangladesh : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শাসনকালৰ আৰক্ষী প্ৰধানক মৃত্যুদণ্ড

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

বাংলাদেশ (Bangladesh)ৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে (আইচিটি) ঢাকা (Dhaka)ৰ এজন প্ৰাক্তন আৰক্ষী প্ৰধানক (former police chief) মৃত্যুদণ্ড প্ৰদান (Capital punishment) কৰিছে। ঢাকা মেট্ৰ’পলিটান পুলিচ (ডিএমপি)ৰ প্ৰাক্তন আয়ুক্ত হাবিবুৰ ৰহমান (Habibur Rahman)ক সোমবাৰে মৃত্যুদণ্ড দিয়া হয়। ২০২৪ চনৰ জুলাই-আগষ্টত বাংলাদেশত ছাত্ৰ প্ৰতিবাদ চলি থকাৰ সময়ত তেওঁ ঢাকাৰ আৰক্ষী প্ৰধান আছিল। একে সময়তে ন্যায়াধিকৰণে ঢাকাৰ আন দুজন প্ৰাক্তন আৰক্ষী বিষয়াকো মৃত্যুদণ্ড প্ৰদান কৰে। আদালতে তিনিজন ব্যক্তিৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈও নিৰ্দেশ দিয়ে। ঢাকাৰ একেখন ন্যায়াধীকৰণে শেহতীয়াকৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড প্ৰদান কৰিছে। ২০২৪ চনৰ ৫ আগষ্টত ছাত্ৰ আন্দোলনৰ বাবে বাংলাদেশত হাছিনাৰ চৰকাৰ পতন হৈছিল।

dha | ASSAM TIMES POST
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শাসনকালৰ আৰক্ষী প্ৰধানক মৃত্যুদণ্ড

হাছিনাই বাংলাদেশ এৰি ভাৰতত অস্থায়ী আশ্ৰয় লয়। আন্দোলনৰ সময়ত বাংলাদেশত আৰক্ষীৰ দমনৰ কেইবাটাও অভিযোগ উত্থাপিত হৈছিল। অন্তৱৰ্তীকালীন চৰকাৰৰ সময়ত এই অভিযোগবোৰৰ ওপৰত এক তদন্ত আৰম্ভ কৰা হয়। হাছিনাকো তদন্তৰ আওতালৈ অনা হয়। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ইতিমধ্যে এই গোচৰত হাছিনাক মৃত্যুদণ্ড প্ৰদান কৰিছে। এইবাৰ দ্বিতীয় গোচৰত ঢাকা ন্যায়াধিকৰণে শাস্তি ঘোষণা কৰে। ২০২৪ চনৰ ৫ আগষ্টত ঢাকাৰ চানখাৰপুল অঞ্চলত আৰক্ষীৰ গুলীচালনাত ছয়জন লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ সন্দৰ্ভত ঢাকাৰ তদানীন্তন আৰক্ষী আয়ুক্তকে ধৰি আঠজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। হাবিবুৰৰ উপৰি প্ৰাক্তন যুটীয়া আয়ুক্ত সুদীপ কুমাৰ চক্ৰৱৰ্তী, ৰমনা মণ্ডলৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত শ্বাহ আলম মহম্মদ আখতাৰুল ইছলাম আৰু প্ৰাক্তন সহকাৰী আয়ুক্ত মহম্মদ ইমৰুলো তালিকাত আছে। অৱশ্যে বাংলাদেশে চাৰিওজনকে ‘পলাতক’ বুলি ঘোষণা কৰিছে৷ সোমবাৰে ন্যায়াধিকৰণে হাবিবুৰ ৰহমান আৰু সুদীপ আৰু আখতাৰুলক মৃত্যুদণ্ড প্ৰদান কৰে। তিনিজন প্ৰাক্তন আৰক্ষী বিষয়াৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈও নিৰ্দেশ দিছে। ন্যায়াধীকৰণে ইমৰুলক ছবছৰৰ কাৰাদণ্ডৰ শাস্তি দিছিল। শ্বাহবাগ আৰক্ষী চকীৰ এজন পৰিদৰ্শক আৰু তিনিজন কনিষ্টবলক ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশ ন্যায়াধিকৰণে তেওঁলোকৰ চাৰিজনকে তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

Tags: Bangladesh
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT