
বৃহস্পতিবাৰে দিনৰ প্ৰায় ১ মান বজাত ডিফুত ৰেলযোগে উপস্থিত হ’ল অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য ৷

সম্পূৰ্ণ ৰাজকীয় প্ৰটকলেৰেলডিফু ৰেলষ্টেছনত ৰাজ্যপাল গৰাকীক ফলৰ থোপা আৰু কাৰ্বি পহ’ৰে উষ্ম আদৰণি জনায় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙ, পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া, সাংসদ অমৰচিং তিচো, বিধায়কদ্বয় বিদ্যাচিং ইংলেঙ আৰু দৰচিং ৰংহাঙ লগতে জিলা আয়ুক্ত নিৰলা ফাংচপী আৰু এছপি সঞ্জীত কুমাৰ শইকীয়াই ৷

ইয়াৰ ৰাজ্যপাল গৰাকী পোনে পোনে তাৰালাংচৰ কাজিৰ ৰংহাঙপী অতিথি শালালৈ যায় ৷ বিয়লি সমল ব্যক্তি, সমাজকৰ্মী স্বাধীনতা সংগ্ৰামী পদ্মশ্ৰী বঁটা প্ৰাপক সকলৰ লগত মত বিনিময় ৷ তাৰ পাছত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্য সকলৰ লগত বৈঠক ৷
ইয়ীৰ পিছত বিভাগীয় পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰিব ৰাজ্যপাল গৰাকীয়ে ৷ সন্ধিয়াৰ ভাগত তাৰালাং সাংস্কৃতিক প্ৰকল্পত থকা ছিং মিৰজেং মঞ্চত সাংস্কৃতি কাৰ্যসূচী উপভোগ কৰি প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰিব ৷













