
দেউবাৰে বিয়লি প্ৰায় চাৰে চাৰিমান বজাত ডিফু-মাঞ্জা পথৰ কাঞ্চ ৰিজৰ্টৰ সন্মূখত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনাৰ (Diphu-Manja Accident) চিচি টিভিৰ দৃশ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জা অভিমুখে গৈ থকা AD 09H3847 বলেৰ’ বাহনখনৰ সৈতে ডিফু অভিমুখে আহি থকা পানী বটল কঢ়িয়াই অনা AS 09A C9226 অট’ ৰিক্সাৰ মুখামুখি সংঘৰ্ষ হয় ৷
দুৰ্ঘটনাটোত অটোখনৰ বিশেষ ক্ষয় ক্ষতি হোৱা নাই যদিও বলেৰ’ খনত থকা চালক সহ আন ছয় গৰাকী যাত্ৰী কম বেছি পৰিমানে আহত হোৱা বুলি জানিব পৰা গৈছে ৷













