
বুধবাৰে নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত সংঘটিত হয় এক ভয়ঙ্কৰ অগ্নিকাণ্ড ৷

প্ৰাপ্ত খবৰ অনুসৰি লাহৰিজান মছজিদৰ ওচৰত থকা মাছ বজাৰত সংঘটিত হয় উক্ত অগ্নিকাণ্ড ৷ অগ্নিৰ লেলিহাসান শিখাই সমগ্ৰ মাছ বজাৰখন গ্ৰাস কৰি পেলায় ৷ অগ্নিকাণ্ডৰ খবৰ পাই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা তিনিখন আৰু বোকাজানৰ পৰা দুখন অগ্নিনিৰ্বাপন বাহিনীৰ জুই নুমাবলৈ চেষ্টা কৰি আছে ৷
অগ্নিকাণ্ডত প্ৰায় ২০ টাতকৈ অধিক দোকান জ্বলি ছাৰখাৰ হোৱাৰ লগতে প্ৰায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে ৷ বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই













