
দেওবাৰে দিনৰ ১ বজাত ডিফুত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয়যে, কালি ধনশিৰি এলেকাত বিদ্ৰোহী সংগঠন DHD(u)ৰ সদস্যসকলে এটা AK47, তিনিটা পিষ্টল আৰু গ্ৰেনেড সহ আৰক্ষীৰ ওচৰত আত্মসৰ্মপন কৰে ৷

আজি ডিফুত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে। যোৱা এপ্ৰিল মাহৰ কাৰ্বি আংলঙৰ ধনশিৰি আৰু বৰলাংফেৰ অঞ্চলত সংগঠনটি সক্ৰীয় হৈ ধন দাবী তথা অসমাজিক কাৰ্যকলাপ চলোৱাৰ তথ্য আৰক্ষীৰ হাতত পৰিছিল যদিও লিখিতভাৱে কোনো অভিযোগ লাভ কৰা নাছিল।উল্লেখ্য যে জিলাখনত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আৰক্ষীয়ে এই DHD(U)সংগঠনৰ সদস্যসকলক আত্মসৰ্মপণ কৰিবলৈ বাধ্য কৰে।












