
বোকাজান আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বোকাজান আৰক্ষীয়ে যোৱা ২০ মেৰ নিশা প্ৰায় ১০ বাজি ৩০ মিনিটত এক অভিযান চলাই এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমানৰ মৰফিন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে এন এল 07 এ এ 2238 নম্বৰৰ ট্ৰাকত চলোৱা তালাচীত 2977’07 গ্ৰাম মৰফিন উদ্ধাৰ কৰে ৷ ছয়টা পেকেটত ভৰাই অনা অৱস্থাত এই মৰফিন খিনি উদ্ধাৰ কৰা হয় ৷

মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম, অতিৰিক্ত আৰক্ষী অধীক্ষক (Crime) আৰু বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ শইকীয়াৰ উপস্থিত মৰফিন খিনি জব্দ কৰা হয় ৷ এই সংক্ৰান্তত মণিপুৰৰ সেনাপতি জিলাৰ নাগাকাক’ আৰক্ষী থানা অধীনৰ কুমাৰ গুৰুঙ নামৰ ট্ৰাকৰ চালক আৰু ডিমাপুৰৰ চুপাৰ মাৰ্কেটৰ চুমেৰ জমিৰক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে ৷
এই সংক্ৰান্ত আৰক্ষীয়ে বি/119 & QAT/155, U/C ধাৰাত গোছৰ ৰুজো কৰি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জব্দ কৰা ম’ৰফিনখিনিৰ বজাৰ মূল্য ডেৰ কোটি টকা হব বুলি প্ৰকাশ কৰিছে ৷













