![]()
বাতৰি সংগ্ৰহৰ বাবে যোৱা দি ক্রছ কাৰেণ্ট (The Cross Current) নামৰ সংবাদ গোষ্ঠীব চীফ ৰিপ’ৰ্টাৰ (Chief Reporter) দিলোৱাৰ হুছেইন মজুমদাৰ (Dilwar Hussain Majumdar)ক অসম আৰক্ষীয়ে আটক কৰাৰ ঘটনা (Incident of detention)ক তীব্র ভাষাৰে গৰিহণা দিয়ে কার্বি আংলং জিলা প্রেছ ক্লাবে (Karbi Anglong District Press Club)। আজি ডিফুস্থিত জিলা প্রেছ ক্লাবৰ কার্যালয়ত অনুষ্ঠিত এখন সভাত দিলোৱাৰ হুছেইন মজুমদাৰক গ্রেপ্তাৰক অসাংবিধানিক আখ্যা দিয়ে জিলা প্রেছ ক্লাবে।

জিলা প্রেছ ক্লাৱৰ কার্যকৰী সভাপতি ডেনিয়েলছন বে’ৰ সঞ্চালনাত হোৱা সভাত জিলা প্রেছক্লাবৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, সাধাৰণ সম্পাদক দেৱজ্যোতি বৰাও উপস্থিত থাকে। সকলোরে একেমুখে এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে গণতন্ত্ৰৰ ওপৰত চৰকাৰৰ এনে হস্তক্ষেপ বন্ধ কৰাৰ দাবী জনায়।
জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই এইঘটনাৰ কঠোৰ ভাষাৰে গৰিহণা দি কংগ্রেছ নেতৃত্বাধীন পূর্বৰ হিতেশ্বৰ শইকীয়া আৰু প্রফুল্ল মহন্তৰ অসম গণ পৰিষদ চৰকাৰৰ উদাহৰণ দাঙি ধৰি কয় যে- সাংবাদিক আক গণতন্ত্রক মষিমূৰ কৰাৰ প্রচেষ্টাৰ বাবেই এই চৰকাৰ কেইখন অসমৰ জনসাধাৰণে প্রত্যাখ্যান কৰিছিল।
আনহাতে, কার্যকৰী সভাপতি ডেনিয়েলছন বে’য়ে বর্তমান সময়ত দেশৰ অন্যান্য প্রান্তৰ লগতে অসমতো সাংবাদিক নিগ্রহৰ এনে ঘটনাক কঠোৰ ভাষাবে গৰিহণা দিয়ে। এনে কার্যৰ জৰিয়তে চৰকাৰে গণতন্ত্রক কুঠাবাঘাট কৰা বুলি বে’য়ে উল্লেখ কৰে।












