অৱশেষত জামিন লাভ (Finally getting bail) সাংবাদিক দিলৱাৰ হুছেইনৰ (Journalist Dilwar Hussain)। অৱশ্যে ক্ৰছ কাৰেণ্টত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰে জামিন লাভ কৰিলেও আজিয়েই মুকলি আকাশৰ তললৈ ওলাব নোৱাৰে।
কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰে দিলৱাৰ হুছেইন মজুমদাৰৰ। কিন্তু জামিনৰ বাবে প্ৰয়োজনীয় বণ্ড জমা দিব নোৱৰাৰ বাবে আজি নিশাটো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে কটাব লাগিব সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ।

উল্লেখযোগ্য যে মঙলবাৰে নিশা পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাংবাদিক দিলৱাৰ হুছেইনক। এগৰাকী অনুসূচিত জনজাতি লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত সংশ্লিষ্ট আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু আদালতত উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে। যাৰ বাবে তেওঁৰ জামিনৰ পথ প্ৰশস্ত হয়।
উল্লেখযোগ্য যে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বুধবাৰে গুৱাহাটীত গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন সংবাদ গোষ্ঠীৰ সাংবাদিক আৰু সংবাদ কৰ্মীসকলে।