কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৫০ সংখ্যক অস্থায়ী বাজেট দাখিল কৰা হয় ৷ পৰিষদৰ ২৫০ সংখ্যক অধিৱেশনত আজি পৰিষদৰ বাবে অস্থায়ী বাজেট দাখিল কৰে বিত্ত বিভাগৰ ভাৰপ্ৰাপ্ত তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৷ বাজেট দাখিলৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰংহাঙে কয়যে, এইখন অস্থায়ী ভাবে দাখিল কৰা বাজেট ৷ কাৰণ অসম চৰকাৰে বাজেট দাখিলৰ পাছতহে আমাৰ এই বাজেট দাখল কৰিবলৈ সক্ষম হম ৷

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জন প্ৰতিনিধিৰ সৈতে মত বিনিময় অনুষ্ঠাত জন সাধাৰণৰ সৈতে হোৱা মত বিনিময়ত গ্ৰহণ কৰা বিভিন্ন দাবী আৰু প্ৰস্তাব সমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে ৷ এইবাৰ বাজেটত পৰিষদৰ অধীনৰ চৰকাৰী গাওঁবুঢ়া সকলৰ বাজেট বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হয় ৷ দুই হাজাৰ পাঁচশ কোটিৰ ওপৰত আনুমানিক এই বাজেট ধাৰ্য কৰা বুলি ৰংহাঙে জানিবলৈ দিয়ে ৷উল্লেখ্যযে, পৰিষদৰ পুৰ্ণাংগ বাজেট অসম চৰকাৰে বাজেট গ্ৰহণ কৰাৰ পিছত দাখিল কৰা হব বুলি ৰংহাঙে প্ৰকাশ কৰে ৷
ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয়যে, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিজাববীয়া বাজেট প্ৰথমবাৰৰ বাবে পৰিষদে নিজাববীয়াকৈ প্ৰস্তুত কৰিছে ৷ পূৰ্বে জয়ন্তৰংপি সাংসদ হৈ থকাৰ সময়ত বহু দাবী উত্থাপন কৰা হৈছিল যদিও ই সম্ভৱ হৈ উঠা নাছিল ৷ অসম চৰকাৰৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ই সম্ভৱ হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে জিলাবাসীৰ হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷
আনহাতে কাৰবি আংলঙত অবৈধ ভাবে চলি থকা ইটা ভাটা সমূহৰ বিৰুদ্ধে আজিৰ সদনত এমএচি মুকুট মহন্তই কৰা প্ৰশন্ন সন্দৰ্ভ সচিবক তদন্ত কৰি এই মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰি অবৈধ ইটা ভাটাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি ৰংহাঙে ৷