
সোমবাৰে পুৱা ১০ বজাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ ছেচন হলত আজি ২৪৯ তম অধিৱেশন (249th Session) অনুষ্ঠিত হৈ যায় ৷ অধিৱেশনৰ পূৰ্বে সদ্য প্ৰয়াত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দেৰ মৃত্যুত বহু কেইগৰাকী কাৰ্যযবাহী সদস্য আৰু মুখ্য কাৰ্যবাহী সদস্যই বক্তব্য ৰাখে৷ ইয়াৰ পাছতেই বিত্ত বিভাগৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang) পৰিষদৰ নিজস্ব উৎসৰ ৰাজহ বাজেটত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱ দাখিল কৰে৷ ইয়াৰোপৰি পৰিষদৰ ২৬টা সমষ্টিৰ সম উন্নয়নৰ বাবে বন বিভাগ পৰিষদৰ ৱৰ্কচ বিভাগৰ জৰিয়তে প্ৰায় তিনিশ কোটি টকাৰ সম্পূৰক প্ৰস্তাৱ দাখিল কৰে৷

অধিৱেশনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰংহাঙে কয় যে, পৰিষদৰ কাৰ্যবাহী সমিতখন অধিক শক্তিশালী কৰাৰ স্বাৰ্থত কাৰ্যবাহী সমুতিৰ খালী হৈ থকা দুখন আসন পূৰণ কৰিবলৈ অসম চৰকাৰ আৰু ৰাজ্যপাললৈ পৰিষদ্ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি সদৰি কৰে৷












