আল্ট্রাছ’নোগ্রাফি (ultrasonography) কৰাবলৈ গৈ চকু কপালত উঠিল এগৰাকী অন্তঃসত্ত্বা মহিলা (Pregnant women)ৰ। গর্ভস্থ ভ্রূণৰ গর্ভত (In womb of the fetus) আছে আন এটা ভ্রূণ (Another embryo)। এই কথা জানিব পাৰি আচৰিত হৈ পৰে চিকিৎসকসকলো। মহাৰাষ্ট্রৰ বুলধানা জিলাত (Buldhana district of Maharashtra) এই ঘটনাটি পোহৰলৈ আহিছে।
ঘটনা অনুসৰি, দুদিনমান পূৰ্বে বুলধানাৰ চৰকাৰী হস্পিটেললৈ এগৰাকী অন্তঃসত্ত্বা মহিলা শাৰীৰিক পৰীক্ষা কৰাবলৈ আহিছিল। তেওঁ ন মাহৰ গর্ভৱতী আছিল আৰু বয়স ৩২ বছৰ। হস্পিটেলৰ নির্দিষ্ট বিভাগত মহিলার আল্ট্রাছ’নোগ্রাফি কৰিছিল স্ত্রীৰোগ বিশেষজ্ঞ প্রসাদ আগৰৱালাই। কিন্তু হঠাৎ তেওঁ লক্ষ্য কৰে যে মহিলাগৰাকীৰ পেটত যিটো ভ্রূণ বৃদ্ধি পাইছে তাৰ ভিতৰত আছে আছে আৰু এটি ভ্ৰূণ। তেওঁ এই কথাত আচৰিত হৈ কিবা ভুল হোৱা বুলি ভাবি তিনিবাৰকৈ মহিলাগৰাকীৰ আল্ট্রাছ’নোগ্রাফি কৰে। কিন্তু প্রতিবাৰেই একেই ছবি ওলায়।

লগে লগে তেওঁ ঊর্ধ্বতন চিকিৎসকসকলক খবৰ দিয়ে। ইয়াৰ পিছত ঊৰ্ধতন কৰ্তৃপক্ষৰ নির্দেশত মহিলাগৰাকীক ততাতৈয়াকৈ চম্ভাজিনগৰ হস্পিটেললৈ স্থানান্তৰ কৰা হয়। মহিলাগৰাকীৰ প্রসৱৰ সময়ত যিকোনো ধৰণৰ জটিলতাৰ বাবে পূৰ্বৰে পৰাই প্রস্তুত হৈ আছে তাৰ চিকিৎসকসকল। ইফালে এই খবৰটো প্রকাশ পোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। এই ধৰণৰ ঘটনা বিপজ্জনক নেকি, এই ক্ষেত্রত প্ৰসৱৰ সময়ত কি কি সমস্যাই দেখা দিব পাৰে, মাতৃ আৰু গর্ভস্থ সন্তানৰ কিবা ক্ষতি হোৱাৰ সম্ভাৱনা আছে নেকি এই বিষয়বোৰক লৈ সৃষ্টি হৈছে কৌতূহলৰ। অৱশ্যে স্ত্রীৰোগ বিশেষজ্ঞ প্রসাদ আগৰৱালাই জনোৱা মতে, ইয়াৰ ফলত মহিলাগৰাকীৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা ক্ষীণ। কিন্তু প্রসৱৰ পিছত সদ্যোজাত সন্তানৰ অবিলম্বে চিকিৎসা নকৰিলে তাৰ বৃদ্ধি বাধাগ্ৰস্ত হ’ব পাৰে। প্রয়োজনত হয়তো অস্ত্রোপচাৰো কৰিব লাগিব পাৰে।
ইফালে শৈল চিকিৎসক ভাগৱত ভুচাৰিয়ে জনোৱা মতে, চিকিৎসা বিজ্ঞানৰ পৰিভাষাত এই বিৰল ঘটনাক ‘ফিটাছ ইন ফিটু’ (Fetus in fetu) বা ভ্ৰূণৰ ভিতৰত ভ্ৰূণ বোলা হয়। বিশ্বত এই পর্যন্ত এনেধৰণৰ প্রায় ২০০টা ঘটনাৰ তথ্য আছে। ইয়াৰ ভিতৰত মধ্যে ১৫-২০ টা ঘটনা ভাৰততে ঘটিছে।