
কাৰবি আংলং (Karbi Anglong) জিলাৰ জিলা লিগেল ছাৰ্ভিচ অৰ্থৰিটিৰসৌজন্যত আজি ডিফুৰ ইনডৰ ষ্টেডিয়ামৰ লাংকুং হাবে প্ৰেক্ষাগৃহত এখন ড্ৰাছৰ সজাগতা আলোচনা (Drugs awareness discussion) চক্ৰ সম্পন্ন হয় ৷ কমবেটিং দা নাৰকেটিক ড্ৰাগ মিনাখ : লীগেল ফ্ৰেম ৱৰ্ক চেলেঞ্জেছ এণ্ড দা ওৱে ফৰৱাৰ্ড’ Combating the Narcotic Drug Menace : Legal Framwork , Challenges and the way Forward ” বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্বল ভূঞা (Ujjal Bhuyan) আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল জমিৰে অংশগ্ৰহণ কৰে ৷
নিজৰ বক্তব্যত ন্যায়াধীশ উজ্বল ভূঞাই কয় যে ড্ৰাগছ সেৱনে কেৱল ড্ৰাগছ আসক্তৰে শাৰীৰিক-মানসিক ক্ষতি নকৰে ই পৰিয়াল আৰু সমাজৰো বহু ক্ষতি কৰে ৷ ২০১৭ চনত মিনিষ্টি অৱ ছচিয়েল জাষ্টিছতে প্ৰকাশ কৰা তথ্য অনুসৰি পদপথত থকা ৯০% কিশোৰ ড্ৰাগছ আসক্ত ৷ ন্যায়াধীশ ভূঞাই কয় যে ভাৰতলৈ অহা ড্ৰাগছ গল্ডেন ট্ৰেংগল ম্যানমাৰ , থাইলেণ্ড আৰু লাওছৰ পৰা আহে আৰু আনহাতে পাকিস্তান , আফগানিস্থান আৰু ইৰানৰ পৰা আহে বুলি কয়৷ প্ৰসঙ্গত তেওঁ পঞ্জাৱত ড্ৰাগছৰ ভয়াবহতা আৰু মণিপুৰত ড্ৰাগছ আসক্তই বেছি চিৰিঞ্জৰে ড্ৰাগছ লোৱাৰ বাবে এইছ আই ভিত বহু যুৱক আক্ৰান্ত হোৱা বুলিও কয় ৷

আনহাতে ন্যায়াধীশ এল জমিৰে ড্ৰাগছ আসক্তই ড্ৰাগছৰ বাবেই বিভিন্ন অপৰাধত জড়িত হোৱাৰ কথা কয় ৷ ড্ৰাগছ সৰবৰাহকাৰী সকলে উত্তৰ-পূব ভাৰতৰ গাওঁ এলেকা আৰু জনজাতি বসতিপ্ৰধান এলেকাত ড্ৰাগছ বেহা মেলা বুলি কৈ তেওঁ কয় যে নিবনুৱা, দাৰিদ্ৰ এচাম লোকক ড্ৰাগছ ব্যৱসায়ীয়ে কামত লগাই ৷ তেওঁ আইনে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িতসকলৰ শাস্তিৰ কি কি ব্যৱস্থা ৰাখিছে তাৰ ওপৰতো আলোকপাত কৰে ৷
ডিফুৰ জিলা ন্যায়াধীশ ৰচন লাল, ন্যায়াধীশ গীতালী ৰাভা; অসম বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য শিবাশীৰ্ষ বিশ্বাস, ডিফু মেডিকেল কলেজৰ অধ্যক্ষ সুমিত্ৰা হাগজেৰসহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিষয়া-অধিবক্তা, নগাঁও আইন মহাবিদ্যালয়, আজমল আইন মহাবিদ্যালয়, অসম বিশ্ববিদ্যালয়, ডিফু ডনবস্ক্ৰ বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলো আজিৰ অনুষ্ঠানত উপস্থিত থাকি ন্যায়াধীশ উজ্বল ভূঞাক বিভিন্ন প্ৰশ্ন সুধি আইনৰ জ্ঞান লাভ কৰে৷












