![]()
নিউজ ডেস্কঃ
আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুত্ব অভিযোগত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অসম আৰক্ষীৰ নিলম্বিত ডি.আই.জি ৰৌণক আলী হাজৰিকা জামিন আৱেদন নাকচ।গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে নাকচ কৰে হাজৰিকা জামিন।উল্লেখ্য যে নিম্ন আদালতে পূর্বতে নাকচ কৰিছিল জামিন।সেই ৰায় বিৰুদ্ধে হাজৰিকাৰ অধিবক্তা উচ্চ ন্যায়ালয়ৰ দ্বাৰাস্ত হৈছিল।যোৱা ১৮জানুৱাৰীত জামিন শুনানি সম্পন্ন কৰি ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা বিচাৰপীঠে ৰায়দান স্থগিত ৰাখিছিল।সোমবাৰে ৰায় প্ৰদান কৰি আৰক্ষী হাজৰিকা ৩২৯১/২০২১জামিন আবেদনখন খাৰিচ কৰে।
গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে তেওঁ বিৰুদ্ধে আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।অভিযোগনামাত ৰৌণক আলি হাজৰিকা উপৰিও পত্নী নুছৰত ৰৌনক হাজৰিকা আৰু ফৰিদ আলি নাম উল্লেখ্য আছে।দাখিল কৰা অভিযোগনামাখন ১৫৬পৃষ্ঠা জোৰা।
অভিযোগনামাত উল্লেখ কৰা অনুসৰি আয়তকৈ ১৮২.১৯ (182.19%)শতাংশ অধিক সম্পত্তি আছে ৰৌণকৰ।মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক (সীমান্ত) ৰৌনকৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰৰ তদন্ত ১০৯দিনত সম্পূৰ্ণ কৰিছিল।
তাপৰ্যপূৰ্ণ কথা যোৱা বৰ্ষ ৫অক্টোবৰত হেঙেৰাবাৰী বাসগৃহৰ পৰা হাজৰিকাক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে।ইয়াৰ উপৰিও চাকৰি কাৰ্যকালত গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণ কৰাৰো অভিযোগ আছে আলি বিৰুদ্ধে।













