
আজীৱন মানুহ আৰু মানৱতাৰ গীত গাই আজি জীৱন নাটৰ সামৰণি পেলোৱা গণশিল্পী সূৰ্য দাস (Mass artist Surya Das)ৰ মৃত্যু (Death)ৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যখনতে শোকাকূল পৰিৱেশ (a grieving environment)ৰ সৃষ্টি কৰিছে। আজি সন্ধিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতিৰ উদ্যোগত পৰিষদৰ বোকাজানস্থিত কাৰ্যালয়ত প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

জনতাৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু ফুকনে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজীৱন জাতি, মাটি, মানুহ আৰু মানৱতাৰ জয়গান গাই যোৱা মহান শিল্পীগৰাকীয়ে অসমৰ জাতীয় জীৱনলৈ আগবঢ়াই যোৱা অৱদান সম্পৰ্কে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।













