ডিফু (Diphu) নগৰৰ ৪নং বাৰ্ডত কালি নিশাৰ পৰা মুক্ত বিচৰণ কৰি ফুৰা বনৰীয়া হাতীটোৱে (Wild elephants) শণিবাৰে দিনৰ ১ বজাত এজন যুৱকক গচকি মাৰে (Death by an elephant)৷ মানুহে হাতীটোক খেদি ফুৰাৰ পিছতে হাতীটোৱে খেদি আহি গচকি মাৰে যুৱকগৰাকীক৷
মৃত ২৫ বছৰীয়া যুৱকগৰাকী (Deceased 25 year old) হ’ল এলবানো টেৰণ (Elbano Teron)৷ বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে গাৱঁৰ ৰাইজে৷ বন বিভাগে পুৱা ৯ বজাতে আহি চাহ-তামোল খাই সময় পাৰ কৰাৰ বাবেই এজন লোকে প্ৰাণ দিব লগা হ’ল বুলি ৰাইজে অভিযোগ কৰে৷ DFO বিবিচন টকবীয়ে কয় যে, হাতীটো খেদোৱাৰ ব্যৱস্থা কৰা হ’ব৷ চৰকাৰী নিয়ম অনুসৰি ৪ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা কোৱাৰ লগতে তেওঁ বনাঞ্চল ধ্বংস কৰি গাওঁ স্থাপন কৰাৰ বাবেই হাতী মানুহৰ সংঘাত হোৱা বুলি কয়৷