![]()
হাতী আৰু মানুহৰ প্ৰত্যক্ষ সংঘাতৰ ফলত কাৰবি আংলঙত (Karbi Anglong) নিহত এগৰাকী মহিলা ৷ প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে দুপৰীয়া পাহাৰীয়া জিলাখনৰ ডকমকা বন সংমণ্ডলৰ অধীনৰ পূব ডিখাৰু দলৈ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হৈছে এগৰাকী মহিলা | নিহত মহিলাগৰাকী উক্ত গাঁওখনৰ বাসিন্দা ৰতন বৰদলৈৰ পত্নী 38 বছৰীয়া সংগীতা টেৰণপী বুলি জানিব পৰা গৈছে | দুপৰীয়া পতি-পত্নীয়ে ঘৰৰ কাষৰ নৈৰ পাৰত ইকৰা কাটি থাকোতেই দুটা বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হয় | হাতীৰ আক্ৰমণত সংগীতা নামৰ মহিলা গৰাকী নিহত হয় |

আক্ৰমনৰ পৰা কথমপি ৰক্ষা পৰে ৰতন বৰদলৈ (Ratan Bordoloi) | কাৰ্বি আংলং জিলাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ ডকমকা বন বিভাগৰ বিষয় – ববীয়া আৰু ডকমকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ (Diphu Medical College) আৰু হাস্পাতাললৈ প্ৰেৰণ কৰে | ইপিনে, ডকমকা বন বিভাগৰ অন্তৰ্গত শিলধৰমপুৰ, চেৰাকানি, কামপুৰীয়া গাঁও, ছাকুলি গাঁও আদি এলেকাত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত থকা বুলি জানিব পৰা গৈছে |













