![Lok Jagran Manch protests : বাংলাদেশত হিন্দু নির্যাতনৰ বিৰুদ্ধে ডিফুত লোক জাগৰণ মঞ্চৰ প্রতিবাদ 1 New Logo Smal | ASSAM TIMES POST](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/12/New-Logo-Smal.jpg?resize=162%2C45&ssl=1)
মঙলবাৰে দিনৰ ১২ বজাত ডিফু (Diphu)ত লোক জাগৰণ মঞ্চই প্ৰতিবাদ (Lok Jagran Manch protests) সাব্যস্ত কৰে৷ বাংলাদেশত হিন্দু সম্প্রদায়ৰ ওপৰত চলা নিৰ্যাতনৰ প্রতিবাদত (Protest against the atrocities) আজি ডিফুত লোক জাগৰণ মঞ্চ মধ্য কাৰ্বি আংলং জিলা (অসম)ৰ তৰফৰ এক প্রতিবাদী কার্যসূচী গ্রহণ কৰা হয়।
![Lok Jagran Manch protests : বাংলাদেশত হিন্দু নির্যাতনৰ বিৰুদ্ধে ডিফুত লোক জাগৰণ মঞ্চৰ প্রতিবাদ 2 বাংলাদেশত হিন্দু নির্যাতনৰ বিৰুদ্ধে ডিফুত লোক জাগৰণ মঞ্চৰ প্রতিবাদ](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/12/Protest-Hindu.jpg?resize=1152%2C631&ssl=1)
আজি ডিফুৰ মাৰোৱাৰী বিবাহ ভৱনৰ পৰা জিলা আযুক্ত কার্যালয়লৈকে প্রতিবাদী সমদল বাহিৰ কৰা হয়৷ প্রতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দিয়াৰ লগতে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নির্যাতন কোনোপধ্যেই মানি লোৱা নহ’ব বুলি উল্লেখ কৰে৷ প্রয়োজনবশতঃ প্রতিবাদ অধিক তীব্রতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে লোক জাগৰণ মঞ্চৰ নেতাসকলে৷