
মঙলবাৰে দিনৰ ১২ বজাত ডিফু (Diphu)ত লোক জাগৰণ মঞ্চই প্ৰতিবাদ (Lok Jagran Manch protests) সাব্যস্ত কৰে৷ বাংলাদেশত হিন্দু সম্প্রদায়ৰ ওপৰত চলা নিৰ্যাতনৰ প্রতিবাদত (Protest against the atrocities) আজি ডিফুত লোক জাগৰণ মঞ্চ মধ্য কাৰ্বি আংলং জিলা (অসম)ৰ তৰফৰ এক প্রতিবাদী কার্যসূচী গ্রহণ কৰা হয়।

আজি ডিফুৰ মাৰোৱাৰী বিবাহ ভৱনৰ পৰা জিলা আযুক্ত কার্যালয়লৈকে প্রতিবাদী সমদল বাহিৰ কৰা হয়৷ প্রতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দিয়াৰ লগতে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নির্যাতন কোনোপধ্যেই মানি লোৱা নহ’ব বুলি উল্লেখ কৰে৷ প্রয়োজনবশতঃ প্রতিবাদ অধিক তীব্রতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে লোক জাগৰণ মঞ্চৰ নেতাসকলে৷












