মণিপুৰৰ সংঘৰ্ষৰ বলি হৈ কাৰ্বি আংলং জিলাত আশ্রয় লোৱা কুকি সম্প্ৰদায় (Kuki community)ৰ লোকসকলক কার্বি আংলঙৰ পৰা বিতাড়ণৰ ব্যৱস্থা গ্রহণ কৰিব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে (Karbi Anglong Autonomous Council)। আজি এই কথা সদৰি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। উল্লেখ্য যে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত পুৰথিমি আকেমাং আঁচনি (Purathimi Akemang Scheme)ৰ অধীনত ভূমিহীন খিলঞ্জীয়া জনসাধাৰণৰ মাজত মাটিৰ পট্টা বিতৰণ (Distribution of land pattas)ৰ এক কাৰ্যসূচীত অংশগ্রহণ কৰি সংবাদমাধ্যমৰ আগত এই কথা কয় ৰংহাঙে।

বোকাজান বিধানসভা সমষ্টিৰ জপৰাজানত অনুষ্ঠিত ভূমিপট্টা বিতৰণ কাৰ্যসূচীত অংশগ্রহণ কৰাৰ পাছত সংবাদমাধ্যমৰ আগত ৰংহাঙে কয় যে- ইতিমধ্যে ১ লাখৰো অধিক লোকৰ মাজত পৰিষদে ভূমিপট্টা বিতৰণ কৰিছে। দ্বিতীয় পর্যায়ত পুনৰ ১ লাখ লোকক ভূমিপট্টা বিতৰণ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ পৰিষদে গ্রহণ কৰিছে। ভূমিহীন দৰিদ্র লোকসকল নিজে আহি ভূমিপট্টাকৰণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে পৰিষদে সহজে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা বিতৰণৰ এই পদক্ষেপ গ্রহণ কৰিছে। ৰংহাঙে কয় যে, জিলা গঠনৰ সময়ৰে পৰা জিলাখনত বসবাস কৰা আৰু জিলাখনত পূৰ্বৰে পৰা স্থায়ী ৰূপে বসবাস কৰা লোকসকলক এই আঁচনিয়ে সাঙুৰি ল’ব। জিলাখনৰ বাহিৰৰ পৰা অহা জনজাতীয় লোকে এই আঁচনিৰ জৰিয়তে ভূমিপট্টা লাভ নকৰিব বুলি ৰংহাঙে উল্লেখ কৰে।

ৰংহাঙে মণিপুৰৰ পৰা শেহতীয়াকৈ কাৰ্বি আংলং জিলাত ৩-৪ শ পৰিয়ালে প্রব্রজন কৰা বুলি উল্লেখ কৰি এই লোকসকলে জিলাখনত ভূমিপট্টা লাভ নকৰে বুলি উল্লেখ কৰাৰ লগতে এই লোকসকলক কুকি জাতীয় সংগঠনসমূহৰ সৈতে আলোচনাৰ জৰিয়তে পুনৰ মণিপুৰলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা ল’ব বুলিও উল্লেখ কৰে।
আনহাতে, এই পট্টা বিতৰণি কার্যসূচীত অংশ গ্রহণ কৰি বোকাজান সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ লেখিয়াকৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদেও ভূমিপট্টা বিতৰণৰ কাৰ্যসূচী গ্রহণ কৰিছে সেয়া শলাগ ল’বলগীয়া। অসম চুক্তিৰ ৬নং দফা অনুযায়ী যি থলুৱা লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছিল সেয়া কার্বি আংলং জিলাত স্বায়ত্ত শাসিত পৰিষদে পূর্ণ কৰাৰ পদক্ষেপ বুলিও মমিনে উল্লেখ কৰে। আজিৰ অনুষ্ঠানৰ জৰিয়তে ১৫ হাজাৰ লোকক ভূমিপট্টা প্রদান কৰা হয়।