
অসম চৰকাৰৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে (Ronoj Pegu) আজি এদিনীয়া কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলং জিলা ভ্রমণ (West Karbi Anglong District Visit) কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ নৱনির্মিত ভৱন আদি উদ্বোধন কৰাৰ লগতে জিলাখনৰ শিক্ষা ব্যৱস্থাৰ বুজ লয়। মন্ত্রীগৰাকীয়ে জিলাখনৰ জেংখাত থকা জেংখা মহাবিদ্যালয়ৰ নবনির্মিত গৃহ উদ্বোধন কৰে৷ ইয়াৰ পাছতেই খেৰণিস্থিত কপিলী মহাবিদ্যালয়ৰ প্রাংগণত জনজাতি কল্যাণ বিভাগব তৰফৰ পৰা নিৰ্মিত এটা অডিটৰিয়াম হল মুকলি কৰে। এই উদ্দেশ্যে হোৱা এক সভাত জিলাখনব বহু কেইখন অপ্রাদেশীকৃত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু সহকাৰী অধ্যাপকৰ লগত এক বৈঠকতো মিলিত হয়।

মন্ত্রীগৰাকীয়ে অসম বিধানসভাৰ বহু আইন যষ্ঠ অনুসূচীত প্রযোজ্য নহয় বুলি জানিবলৈ দি স্বায়ত্ত শাসিত পৰিষদে চালিজাৰি চাই বিদ্যালয়, মহাবিদ্যালয়সমূহৰ প্রাদেশীকিকৰণ কৰাৰ ব্যৱস্থা ল’ব পাৰে। পশ্চিম কার্বি আংলং জিলাৰ শিক্ষা ব্যৱস্থাটোৱে যে পিছপৰা হৈ আছে সেই কথা স্বীকাৰ কৰি অসম চৰকাৰে অনুষ্ঠিত গুণোৎসৱসমূহৰ পৰা এই কথা অৱগত হোৱা বুলি প্রকাশ কৰে। মন্ত্রীগৰাকীয়ে স্থানীয় বিধায়ক ৰূপছিং টেৰণক অনুৰোধ জনাই কয় যে, শিক্ষা বিভাগৰ স্কুল পৰিচালনা সমিতি আৰু ছাত্র- ছাত্রী সকলৰ অভিভাৱক সকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে সভা অনুষ্ঠিত কৰিবলৈ পৰামর্শ আগবঢ়ায়।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, চিৰাং জিলাই যদি শিক্ষাৰ ক্ষেত্রত আগুৱাই যাব পাৰে তেন্তে পশ্চিম কাৰ্বি আংলং জিলাই কিয় নোৱাৰিব। ইয়াব বাবে দায়িত্বশীল ব্যক্তিসকলৰ দায়িত্ববোধো অতি দৰকাৰ বুলি মন্ত্ৰীগৰাকীয়ে মতপোষণ কৰে। হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ চৰকাৰখনে জনজাতি সকলৰ বাবে কল্যাণকামী যথেষ্ট আঁচনি গ্রহণ কৰিছে বুলিও মন্ত্রীগৰাকীয়ে দাবী কৰে। বাজ্য চৰকাৰ আৰু পৰিষদ বর্তমান একেটা দলৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, জনজাতি সকলৰ শিক্ষাৰ ক্ষেত্রত কল্যাণকামী আঁচনি সমুহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত জনপ্রতিনিধি সমূহৰ দক্ষতাও প্রয়োজন। বিভিন্ন মহাবিদ্যালয়ৰ সমস্যা সমূহ দূৰ কৰাৰ বাবে মন্ত্ৰীগৰাকীক পৃথকে পৃথকে স্মাৰক পত্রও প্রদান কৰা হয়। মন্ত্রীগৰাকীয়ে জিলাখনৰ শিক্ষা ব্যবস্থা উন্নত কৰাৰ বাবে পৰিষদৰ লগতে অসম চৰকাবেও সকলো পদক্ষেপ গ্রহণ কৰিব বুলি আশ্বাস প্রদান কৰে৷












