
বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন। ইয়াৰ অংশ হিচাপে ৰাজ্যজুৰি চলিছে অসম আৰক্ষীৰ ব্যাপক অভিযান। বিগত সময়ত বাল্যবিবাহ বিৰোধী অভিযানত দুশৰো অধিক লোক আটক তথা গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি পুনৰ ব্যাপক অভিযান আৰম্ভ কৰিছে। সোমবাৰে নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত একেলগে আৰম্ভ হোৱা এই অভিযানত মঙলবাৰে পুৱালৈকে বাল্যবিবাহৰ অভিযোগত স্বামী আৰু আত্মীয়সহ বহু লোকক আৰক্ষীয়ে আটক তথা গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, গোৱালপাৰা জিলাৰ পৰা আৰক্ষীয়ে ৫০ জনৰো অধিক লোকক আটক কৰে। আনহাতে, ধুবুৰী জিলাৰ ৯খন থানা এলেকাৰ পৰা প্ৰায় ৬২ জন লোকক আটক কৰা হৈছে। ইফালে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো চলোৱা অভিযানত ৩০ জনৰো অধিক লোকক আটক কৰা হৈছে। ইয়াৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাত বাল্যবিবাহৰ অভিযোগত ৮ জন লোকক আটক কৰাৰ লগতে এজনৰ পিতৃকো আৰক্ষীয়ে আটক কৰে। আনহাতে, তামাৰহাটত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।












