
যোৱা সপ্তাহত দিল্লীৰ ব্যৱসায়ীসকলে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ক ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া পৰিকল্পিত মেগা ৰেলী পিছুৱাই দিবলৈ অনুৰোধ জনাইছিল। সোমবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দিল্লীৰ ব্যৱসায়ীসকলক কয় যে যদিহে ‘ভোট চুৰি’ৰ অভিযোগত অভিযুক্ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগ লয় তেন্তে দেশজুৰি সকলো প্ৰতিবাদ বন্ধ হৈ যাব।
দিল্লী চেম্বাৰ অব ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে দীপাৱলী, ধনতেৰছৰ দৰে উৎসৱৰ বতৰত ব্যৱসায়ত আঘাত হানিব পাৰে বুলি আশংকা কৰি বিৰোধী নেতাসকলক এই সমাৱেশ পিছুৱাই দিবলৈ আহ্বান জনাইছিল। ইয়াৰ উত্তৰত ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে, “মোদীজীক কওক যে ৪ নং অভিযুক্ত জ্ঞানেশ কুমাৰক বৰ্খাস্ত কৰক। তেতিয়া এই প্ৰতিবাদ ৩০ ছেকেণ্ডৰ ভিতৰত বন্ধ হ’ব।”

‘ভোট চুৰি’ত ১, ২ আৰু ৩ নম্বৰৰ অভিযুক্ত কোন সেই সন্দৰ্ভত ৰাহুল গান্ধীয়ে অৱশ্যে একো লিখা নাই। অৱশ্যে ইয়াৰ পূৰ্বে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনত প্ৰথম তিনিজন অভিযুক্ত আছিল মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। সোমবাৰে এটা ছ’চিয়েল মিডিয়া পোষ্টত বিৰোধী মিত্ৰজোঁটৰ আন্দোলনৰ যুক্তিৰ ওপৰত আলোকপাত কৰি লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে লিখিছে, “যেতিয়া সাধাৰণ মানুহৰ ভোট চুৰি হয়, তেতিয়া একোৱেই নিৰাপদ নহয়- আপোনাৰ দোকান নহয়, আপোনাৰ সঞ্চয় নহয় আৰু আপোনাৰ সন্তানৰ ভৱিষ্যতো নহয়।”
তেওঁৰ লগতে বাৰ্তা, “মই দিল্লীৰ প্ৰতিজন ব্যৱসায়ীক ক’ব বিচাৰোঁ যে আমি আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকৰ কথা শুনিছোঁ। কিন্তু এই চৰকাৰে মেট্ৰ’ ষ্টেচন বন্ধ কৰি ৰাস্তা বন্ধ কৰি ৰাজধানীত লকডাউনৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে।”













