ASSAM TIMES POST
প্ৰশান্ত বৰা, বকলীয়াঘাটঃ আজি বিয়লি বকলীয়াঘাটত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণ অনুসৰি আজি সন্ধিয়া প্ৰায় ৫.৩০ বজাত এনএল-০২-কে-৩৯৩৭ নম্বৰৰ ট্ৰাকখনে বকলীয়াঘাট অসামৰিক চিকিৎসালয়ৰ সমীপতে টিউচনৰ পৰা ঘৰ অভিমুখে গৈ থকা অৱস্থাত ছাত্ৰীগৰাকীক খুন্দা মাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা কিশোৰীগৰাকীক লগে লগে বকলীয়াঘাট অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাত আহত কিশোৰীগৰাকী বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া ফাংছ’পী বুলি জানিব পৰা গৈছে।












