ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজিও নগাঁৱত প্ৰতিবাদ অব্যাহত আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে আজি “কা” বাতিলৰ দাবীত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক’লা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে হাতে হাতে ক’লা পতাকা লৈ উপায়ুক্ত কাৰ্যালয়ৰ মুল প্ৰবেশ দ্বাৰৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

পৰিষদৰ সদস্য সকলে “কা আমি নামানো”, “কা বাতিল হবই লাগিব”, “তুমি যদি অসমীয়া ‘কা’ৰ বিৰুদ্ধে যুঁজ দিয়া”, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হুচিয়াৰ”, “অমিত শ্বাহ হুচিয়াৰ”, “সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ”, “অতুল বৰা -কেশৱ মহন্ত নিপাত যাওক” আদি বিভিন্ন প্ৰতিবাদী শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে। পৰিষদৰ সদস্য সকলে হঠাৎ এনেদৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰাক কেন্দ্ৰ কৰি আৰক্ষীৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পাছত আৰক্ষীয়ে কুৰি জনৰো অধিক প্ৰতিবাদকাৰীক আটক কৰাৰ লগতে ক’লা পতাকা সমূহ কাঢ়ি লৈ যায়।

প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ জিলা সমিতিৰ সাধাৰন সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, উপদেষ্টা মনোজ সিংহ ৰাজা, বিত্ত সম্পাদক হেমন্ত দাস আৰু নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকনে অংশগ্ৰহণ কৰি ‘কা’ বিৰোধী আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলি মন্তব্য কৰে। এই কাৰ্যসূচীত ওৱাহিদুল ইছলাম, নিপুন দাস, প্ৰানকৃষ্ণ ডেকা, দৰ্শন কাকতি, বাবলু বৰদলৈ, দিব্যজ্যোতি হাজৰিকা, আছিফ আলি, কংকন জ্যোতি শইকীয়া, ৰাহুল বৰা, অভি মহন্ত আৰু কুলদীপ বৰাকে ধৰি অৰ্ধশতাধিক যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে অংশ গ্ৰহণ কৰে।
ইপিনে, নগাঁও কলেজৰ ছাত্ৰ- ছাত্ৰী সকলে আজি শ্ৰেনী বৰ্জন কৰি ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰ পূব বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁও কলেজৰ ছাত্ৰ ছাত্ৰী সকলে ‘কা’ বাতিলৰ দাবীত আজি শ্ৰেনী বৰ্জন কৰে আৱশ্যে পৰীক্ষা সমূহ সুকলমে অনুষ্ঠিত কৰাত তেওঁলোক কোনো ধৰণৰ বাধা প্ৰদান কৰা নাই। শ্ৰেণী বৰ্জনৰ লগতে ছাত্ৰ ছাত্ৰী সকলে নগাঁও কলেজৰ সন্মুখত তিনি ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক শীঘ্ৰেই ‘কা’ বাতিল কৰিবলৈ দাবী জনায়। ‘কা’ বাতিল নোহোৱা পৰ্যন্ত ছাত্ৰ সমাজে নিৰন্তৰ আন্দোলন চলাই যাব বুলি মত পোষণ কৰে।












