
শুকুৰাবাৰে দিনৰ ১ বাজি ৩০ মিনিটত ডিফুস্থিত (In Diphu) জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্যসূচীত প্ৰায় দুশ বিজেপি আৰু এপিএইছএলচি নেতা কৰ্মীৰ (BJP and APHLC leaders and workers) কংগ্ৰেছত যোগদান (Join congress)৷

পূৱ কাৰবি আংলং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যাচিং ৰংপি আৰু উপসভাপতি অশোক টেৰণৰ উপস্থিতিত বোকাজান বিধান সভা সমষ্টি আৰু ডিফু বিধানসভা সমষ্টিৰ পৰা বিজেপি আৰু এপিএইছএলচি ত্যাগ কৰি লো়কসকলে আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান কৰে বুলি জানিব পৰা গৈছে৷ বিজেপিৰ অনলাইন সদস্য ভৰ্তি অভিযানৰ মাজত বৃহৎ সংখ্যক লোকে বিজেপিৰ পৰা ত্যাগ কৰি কংগ্ৰেছত যোগদান কাৰ্যটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷












