
ৰাজ্যৰ সন্ত্ৰাসবাদ বিৰোধী দলে গুজৰাটৰ কেইবাখনো জিলাৰ পৰা জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ জন সদস্যক গ্ৰেপ্তাৰ (Terrorist Arrest) কৰিছে। তদন্তকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত লোককেইজনে টাইম বোমা নিৰ্মাণ কৰি দেশৰ বিভিন্ন প্ৰান্তত আক্ৰমণ চলাবলৈ পৰিকল্পনা কৰিছিল।

কিন্তু তাৰ পূৰ্বে আৰক্ষীয়ে সন্ত্ৰাসবাদীকেইটাক গ্ৰেপ্তাৰ কৰে। এসপ্তাহ পূৰ্বে এ টি এছে গুজৰাট আৰু মধ্যপ্ৰদেশৰ পৰা জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল।
তদন্তকাৰীয়ে দাবী কৰিছে যে ধৰ্মীয় শিক্ষানুষ্ঠানৰ আঁৰত ব্ৰেইনৱাছিং কৰা হৈছিল। কেৱল সেয়াই নহয়, তেওঁলোকক সন্ত্ৰাসবাদী গোটত নিযুক্তি দি আক্ৰমণৰ প্ৰশিক্ষণো দিয়া হৈছিল। উক্ত গ্ৰেপ্তাৰৰ পিছত গুজৰাটৰ পৰা আৰু পাঁচজন জৈছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়, যিয়ে ৰাজ্যখনক স্তম্ভিত কৰি তুলিছে।
এ টি এছৰ সূত্ৰ অনুসৰি, জৈছ সদস্যসকলে ভাৰতত আক্ৰমণৰ বাবে বিস্ফোৰক সংগ্ৰহ কৰি আছিল। ধৃত লোককেইজন টাইম বোমা আৰু বিভিন্ন ধৰণৰ বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত।
তদন্তকাৰীয়ে দাবী কৰিছে যে এই সকলো নিৰ্দেশনা পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীসকলৰ ওচৰলৈ আহিছিল। কেৱল সেয়াই নহয়, ধৃতসকলক এখন ‘ছেকেণ্ড হেণ্ড’ গাড়ীও কিনিবলৈ কোৱা হৈছিল। আৰু সেই আদেশ পাকিস্তানৰ পৰা আহিছিল।
তদন্তকাৰী সূত্ৰৰ মতে, আটকাধীন লোকসকলে গুজৰাটত ‘দাৰুল ইছলাম’ নামৰ এটা সংগঠন গঠন কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমৰ্থনত কাম কৰি আছিল। এই সন্দৰ্ভত গুজৰাট এ টি এছে জৈছৰ ‘শ্লিপাৰ চেল’ৰ মুঠ ১৩ জন সদস্যক গ্ৰেপ্তাৰ কৰে। এই শ্লীপাৰ চেলে গুজৰাটত সন্ত্ৰাসৰ নেটৱৰ্ক বিয়পাই দিছিল।
এ টি এছৰ সূত্ৰ অনুসৰি, ইয়াৰ পৰাই দেশৰ প্ৰধান চহৰসমূহত আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। এই ৫ সন্ত্ৰাসবাদীক বৃহস্পতিবাৰে ৰাজ্যজুৰি এই শ্লীপাৰ চেল নেটৱৰ্ক ক’ত অৱস্থিত সেই বিষয়ে জানিবলৈ চলোৱা অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰা হয়।











