ASSAM TIMES POST
আছিফ আলি: পহিলা মাঘত অনুষ্ঠিত এই মেলা উপলক্ষে আজি ৰংঘৰ বাকৰি উদুলি মুদুলি হৈ পৰিছে। তাই আহোম,গাৰো, তিৱা আদিকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে এই অনুষ্ঠানত বৰ্ণিল কাৰ্যসূচী পৰিবেশন কৰিছে।


পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত এচিয়াৰ প্ৰথম পেভিলিয়ন ৰূপে খ্যাত ৰংঘৰ বাকৰিত ৰংপুৰ মেলা আনুষ্ঠানিক ভাৱে আৰম্ভ হয়। ৰচী টনা,পিছল খুটা বগুৱা আদিকে ধৰি ভালেমান আকৰ্ষণীয় কাৰ্যসূচীৰে উদুলি মুদুলি ৰংঘৰ বাকৰি ।

উল্লেখ্য যে তাই আহোম যুৱ পৰিষদে ২০১১ বৰ্ষৰ পৰা ধাৰাবাহিক ভাবে ৰংঘৰ বাকৰিত ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পৰিপেক্ষিতৰ আজি ৰংঘৰ বাকৰিত পৰম্পৰাগত মহ যুজঁ অনুষ্ঠিত হোৱা নাই যদিও ৰংঘৰ বাকৰিত ব্যাপক জন সমাগম ।












