ASSAM TIMES POST
ডিফুঃ সোমবাৰে বিয়লি ডিফুত কৰ্মৰত অৱস্থাত গছৰ ডাল পৰি এজন বৃদ্ধ শ্ৰমিকৰ কৰুণ মৃত্যু হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে পুৱাৰ ভাগত ডিফু এছপি অফিচৰ কাষত থকা দিগম্বৰ জৈন মন্দিৰৰ চৌহদত থকা এজোপা আম গছ কাটিবলৈ মন্দিৰ কমিটিয়ে শ্ৰমিক নিয়োজিত কৰে ৷
গছৰ ডাল কটা কামত নিয়োজিত এজন শ্ৰমিকৰ ভাষ্য অনুসৰি গছজোপাৰ ডাল কটা কামটো এজন ৭৯ উৰ্দ্ধৰ বয়সৰ বৃদ্ধ লোকে সমিতিৰ পৰা ঠিকা লৈ ডাল কটা কামত আন দুজন শ্ৰমিকক নিয়োজিত কৰি নিজে গছৰ তলত থকে ৷
আজি বিয়লি ৩.৩০ মান বজাত কাটি থকা ডালটো পৰি থকা সময়ত বৃদ্ধ শ্ৰমিকজনে ডাল পৰা দিশে দৌৰ মাৰি দিয়ে ফলত গছ জোপাৰ কটা ডাল শ্ৰমিক জনৰ ওপৰত পৰি শ্ৰমিকজনৰ থিতাতে মৃত্যু হয় ৷
ডিফুৰ পানবাৰীত থাকি দিন মজুৰি কৰা বৃদ্ধ শ্ৰমিকজন মৰিগাওঁ জিলাৰ মৈৰাবাৰী থানা এলেকাৰ বৰছাপৰি গাঁৱৰ নুৰুল ইছলাম (৭৩) বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত ডিফু থানাত এক অপঘাতী গোছৰ ৰুজো দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷











