
বিজেপিৰ সৰ্বভাৰতীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক (J P Nadda) ৰাজ্যসভা (Rajya Sabha)ত বিজেপিৰ নতুন নেতা হিচাপে নিযুক্তি (appointed as bjp’s new leader) দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল ইমান দিনে এই পদত আছিল। কিন্তু এইবাৰ মুম্বাই উত্তৰ লোকসভাৰ আসনৰ পৰা জয়ী হৈছে পীযুষ। ফলত ৰাজ্যসভাত তেওঁৰ খালী পদত কোনোবা এজনক নিযুক্তি দিবলগীয়া হয়।
যোৱা এপ্ৰিল মাহত গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছিল নাড্ডা। তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। কিন্তু তৃতীয় এন ডি এৰ মন্ত্ৰীসভাত তেওঁ স্বাস্থ্য আৰু ৰাসায়নিক আৰু সাৰৰ দায়িত্ব লাভ কৰে। ২০২০ চনত অমিত শ্বাহৰ পিছত তেওঁ বিজেপিৰ সভাপতি হৈছিল।

উল্লেখ্য, বিজেপিৰ সংবিধান অনুসৰি কমেও ৫০ শতাংশ ৰাজ্যত সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত নকৰিলে কাকো নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰিব নোৱাৰিব। সেই কথা মনত ৰাখি গেৰুৱা শিবিৰৰ এক সূত্ৰই দাবী কৰিছে যে অহা ডিচেম্বৰ-জানুৱাৰীলৈকে নাড্ডাই বিজেপিৰ সভাপতি হ’ব।
আৰ এছ এছৰ ছাত্ৰ সংগঠন এ বি ভি পিৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰিছিল নাড্ডাই। ১৯৯৩, ১৯৯৮ আৰু ২০০৭ চনত হিমাচলৰ বিলাসপুৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ১৯৯৮ চনৰ পৰা ২০০৩ চনলৈ হিমাচলৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনত প্ৰথমবাৰৰ বাবে হিমাচলৰ পৰা ৰাজ্যসভালৈ গৈছিল নাড্ডা। ২০১৪ চনত যেতিয়া অমিত শ্বাহ বিজেপিৰ সভাপতি হৈছিল, তেতিয়া তেওঁ দলৰ সংসদীয় ব’ৰ্ডৰ সদস্য হৈছিল।













