ASSAM TIMES POST
নগাঁওঃ নগাঁও আৰক্ষীয়ে আজি অভিযান চলাই দুই ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰাৰ লগতে বুজন পৰিমানৰ হেৰ’ইন জব্দ কৰে। নগাঁও সদৰ থানাৰ নগৰ শাখাৰ উপ-পৰিদৰ্শক গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত এটি আৰক্ষীৰ দলে আজি সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত নগাঁও বাইপাছৰ মাহৰিআতিত এক অভিযান চলায়।
অভিযান কালত আৰক্ষীয়ে আতাবুৰ ৰহমান আৰু আব্দুল হানিফ নামৰ দুটা ড্ৰাগছ ব্যৱসায়িক কৰায়ত্ত কৰে।ব্যৱসায়ী দুটাই এ এচ ২১ জি ৮২৬৬ নম্বৰৰ এখন বাহনত কৌশলেৰে চাবোনৰ বাকচৰ ভিতৰত ভৰাই ১৬ টা হেৰ’ইনৰ পেকেট আনিছিল।ড্ৰাগছ ব্যৱসায়ী দুটাই আৰক্ষীৰ চকুত ধূলি দিবৰ বাবেই এই কৌশল অৱলম্বন কৰিছিল।
জব্দ হোৱা হেৰ’ইন খিনি ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ নিয়া হৈছিল বুলি জানিব পৰা গৈছে।আৰক্ষী সূত্ৰে জানিব পৰামতে ডিমাপুৰৰ পৰা মৰিগাঁও দিশে গাড়ীখনগৈ থকা সময়তে আৰক্ষীয়ে দুয়োকে হেৰ’ইন সহ আটক কৰিবলৈ সক্ষম হয়। ধৃত আটাবুৰ ৰহমান মৰিগাঁও জিলাৰ আৰু আব্দুল হানিফ ত্ৰিপুৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।












