ASSAM TIMES POST
নগাঁওঃ নগাঁও আৰক্ষীয়ে অভিযান চলাই কালি নগাঁও চহৰৰ নিকটবৰ্তী উত্তৰ নাৰমাৰিৰ পৰা কিছু ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে- মজিদা খাতুন,নজৰুল ইছলাম আৰু মিৰ হুছেইন।জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে উত্তৰ নাৰমাৰিৰ চাইফুল ইছলামৰ ঘৰত তালাচী চলাওতেই ব্ৰাউন ছুগাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে ছাইফুল ইছলামৰ ঘৰৰ পৰা ২৩ টা মোবাইল হেণ্ডছেট ,এখন বাজাজ পালচাৰ মটৰ চাইকেল আৰু এখন এক্টিভা উদ্ধাৰ কৰে।












