ASSAM TIMES POST
বিশেষ প্ৰতিবেদকঃ “মুখেৰে ক’লেই গুৱাহাটী ক্ৰীড়াৰ ৰাজধানী হৈ নাযায়। এখন টিৰ্পালৰ লীক মাৰিব নোৱাৰা চৰকাৰে কেনেদৰে বনাব গুৱাহাটীক ক্ৰীড়া ৰাজধানী৷” এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। উল্লেখ্য যে দেওবাৰে বর্ষাপাৰাত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ ফলত পৰিতক্ত হোৱাৰ পিছত এই প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ৷ সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে৷ নিজৰ চৰকাৰী আৱাসত আয়োজিত সংবাদ মেলত তেওঁ কয়, “সোণোৱাল চৰকাৰে আজি অসমক বিশ্ববাসীৰ ওচৰত লজ্জানত কৰিলে। যিখন চৰকাৰে অসমত আজিলৈ এখন ভাল ষ্টেডিয়াম বনাব নোৱাৰিলে, সেইখন চৰকাৰে আকৌ কয় গুৱাহাটীক বোলে ক্ৰীড়া ৰাজধানী বনাব৷”
চৰকাৰে লোকৰ তেলেৰে মাছহে ভাজিব জানে বুলি উল্লেখ কৰি গগৈয়ে কয়, “বর্ষাপাৰাৰ ঘটনাৰ বাবে অসম ক্ৰিকেট সন্থাই ক্ষমা খোজক৷”
আনহাতে, একেখন সংবাদ মেলতে ‘কা’বিৰোধী আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গগৈয়ে৷
বৰষাৰাণী বিষয়াক অগ্নিকন্যা আখ্যা দি গগৈয়ে কয়, “বৰষাক মই ভাল পাইছোঁ। তেওঁ ‘কা’ৰ প্ৰতিবাদ কৰি নাৰীশক্তিক প্ৰতিফলিত কৰিছে৷”
ইফালে ‘কা’ আন্দোলনৰ মাজতে এজন প্ৰাক্তন বিজেপি নেতাই শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব বুলিও সংবাদ মেলত ইংগিত প্ৰদান কৰে গগৈয়ে৷












