অসম চৰকাৰৰ আন এক অভিলাষী আঁচনি হৈছে ‘মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি’ (Moina Scheme)। ৰাজ্যৰ ছাত্রীসকলৰ বাবে বিগত বাজেট অধিবেশনত অসম চৰকাৰে এই আঁচনি গ্ৰহণ কৰে। এই আচঁনিখনৰ বিষয়ে কিছু কথা জানো আহক :
লক্ষ্য : ৰাজ্যৰ ছাত্রীসকলৰ শৈক্ষিক ভৱিষ্যত।
প্ৰৱৰ্তন হোৱা তাৰিখ : ২০২৪-২৫ বিত্তীয় বর্ষৰ ১ এপ্ৰিলৰ পৰা।
নিৰ্ধাৰিত লক্ষ্য : ১০ লাখ ছাত্রীক নামভর্তিত উদগনি হিচাপে বিত্তীয় অনুদান। উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পর্যায়লৈকে অধ্যয়ন অব্যাহত ৰখাৰ বাবে এই আঁচনি।
চৰকাৰৰ ব্যয় : এই আঁচনিখনত ৰাজ্য চৰকাৰৰ ব্যয় হ’ব ২৪০ কোটি টকা।
উদ্দেশ্য : ছাত্রীসকলক শিক্ষাৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰি বাল্যবিবাহৰ অন্ত পেলোৱা আৰু জীৱনৰ সিদ্ধান্ত ল’ব পৰাকৈ সক্ষম কৰি তোলা।
আঁচনিখনৰ সুবিধা :
– এই আঁচনিত ইচ্ছুক ছাত্ৰীয়ে অফিচিয়েল পৰ্টেলৰ পৰা অনলাইন আবেদন কৰিব পাৰিব।
– মেট্ৰিক উত্তীৰ্ণ ছাত্রীয়ে2 একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে লাভ কৰিব ১০ হাজাৰ টকা।
– স্নাতকত নামভৰ্তিৰ বাবে লাভ কৰিব ১২৫০০ টকা।
– স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ বাবে লাভ কৰিব ১৫ হাজাৰ টকা।
– আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ আবেদনকাৰী অসমৰ বাসিন্দা হ’ব লাগিব।
– আবেদনকাৰী ছাত্রী চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ৰ হ’ব লাগিব।
– আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় চৰকাৰী নিয়ম মতে হ’ব লাগিব।
– অবিবাহিত ছাত্ৰীহে এই আচঁনিৰ বাবে উপযুক্ত বিবেচিত হ’ব।