এডমিট কাৰ্ডত নাম আৰু ছবি আছে এজনৰ, কিন্তু পৰীক্ষা দিয়া ব্যক্তিজন বেলেগ! দেওবাৰে অনুষ্ঠিত মেডিকেল প্ৰৱেশিকা পৰীক্ষাত (NEE-2024) (নিট) ‘প্ৰকৃত’ পৰীক্ষাৰ্থীৰ সলনি চিকিৎসা বিজ্ঞানৰ আন এজন ছাত্ৰই পৰীক্ষা (Other students take the exam instead of examinees) দিবলৈ আহিছিল। এই ঘটনা সংঘটিত হয় ৰাজস্থানৰ ভাৰতপুৰত (Bharatpur in Rajasthan)। ঘটনাটোত পৰীক্ষাৰ্থীকে ধৰি ৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ (Police arrest 6 people) কৰে।
প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে পৰীক্ষাত উপস্থিত হোৱা ব্যক্তিজন অভিষেক গুপ্তা বুলি জানিব পৰা গৈছে। ভাৰতপুৰ চৰকাৰী মহাবিদ্যালয়ৰ এমবিবিএছৰ ছাত্ৰ। দেওবাৰে ৰাহুল গুৰজাৰ নামৰ এজন নিট প্ৰাৰ্থীৰ সলনি অভিষেকে পৰীক্ষা দিছিল। এই চক্ৰৰ মূল পাণ্ডা মহাবিদ্যালয়ৰ আন এগৰাকী ছাত্ৰ ৰবি মীনা। লগতে আৰক্ষীয়ে জানিব পাৰিছে যে ৰাহুলৰ পৰা ১০ লাখ টকা লোৱা হৈছে।
ভাৰতপুৰৰ এএছপি অক্লেশ কুমাৰে কয়, “অভিষেক পৰীক্ষা কেন্দ্ৰত ৰাহুলৰ বেশত পৰীক্ষা দিবলৈ গৈছিল। পৰীক্ষকৰ সন্দেহ হোৱাৰ লগে লগে তেওঁ আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছত অভিষেকক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ সময়ত এই চক্ৰটোৰ অৱস্থান ধৰা পৰে। এই ঘটনাত এতিয়ালৈকে ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।” ৰাহুল, অভিষেক, মীনাৰ উপৰি অমিত, দয়াৰাম আৰু সুৰজ সিং নামৰ আৰু তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।