
শনিবাৰে সন্ধিয়া ৮ মান বজাত বোকাজান (In Bokajan) মহকুমাৰ খটখটীত আৰক্ষীৰ নাকা তালাচীত (In a police raid at Khatkhati) বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক (Ganja smuggler arrested with Ganja) কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷
প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটী অভিমুখে গৈ থকা এখন WB 76B2883 নম্বৰৰ কণ্টেইনাৰ বাহনত তালাচী চলাওঁতে উদ্ধাৰ হৈছে এই বৃহৎ পৰিমানৰ গাঞ্জা (Huge quantity of ganja recovered)৷ গাঞ্জাখিনি বাহনখনৰ কেবিনত গোপন চেম্বাৰ সাজি লুকুৱাই সৰবৰাহৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে৷

এই সন্দৰ্ভত আৰক্ষীয়ে কণ্টেইনাৰখনৰ চালক বিহাৰৰ মতিহাৰী জিলাৰ ৰাধেশ্যাম চাহানীক (Radheshyam Sahni) আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













